মধ্য প্ৰদেশত ভাৰত জোড়ো যাত্ৰাত পৰিয়ালসহ প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ যোগদান
খাণ্ডৱা, ২৪ নৱেম্বৰ (হি.স.)। মধ্য প্ৰদেশত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা বৃহস্পতিবাৰে পুৱা প্ৰায়
ভাৰত জোড়ো যাত্ৰা


খাণ্ডৱা, ২৪ নৱেম্বৰ (হি.স.)। মধ্য প্ৰদেশত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা বৃহস্পতিবাৰে পুৱা প্ৰায় ৬ বজাত খাণ্ডৱা জিলাৰ বৰগাঁও বুজুৰ্গ গাঁৱৰ পৰা আৰম্ভ হয়। ৰাহুল গান্ধীৰ সৈতে খোজত খোজ মিলাই তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধী ভাদ্ৰাও পদযাত্ৰা কৰে। প্ৰিয়ংকাৰ পুত্ৰ ৰেহান আৰু স্বামী ৰবাৰ্ট ভাদ্ৰাইও এই পদযাত্ৰাত অংশ লৈছে। ৰাজস্থানৰ উপ মুখ্যমন্ত্ৰী শচীন পাইলটেও যাত্ৰাত যোগদান কৰিছে।

বৃহস্পতিবাৰে মধ্য প্ৰদেশত ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয় দিন। বৰগাঁও বুজুৰ্গ গাঁৱৰ পৰা আৰম্ভ কৰি এই পদযাত্ৰাটোৱে প্ৰায় আঠ কিলোমিটাৰ ভ্ৰমণ কৰে আৰু পুৱা ৮ বজাত কুমথি গাঁৱত উপস্থিত হয়। ৰাহুল গান্ধীকে ধৰি সকলোৱে ইয়াত গুৰুকৃপা পাৰিবাৰিক ৰেষ্টুৰেণ্টত চাহ আৰু জলপান গ্ৰহণ কৰে। ইয়াত, হাৰ্দা জিলাৰ দলীয় কৰ্মীসকলে মঞ্চ স্থাপন কৰি এইযাত্ৰাৰ উষ্ম আদৰণি জনায়। ৰাজ্যখনৰ জনজাতীয় অঞ্চলৰ শিল্পীসকলে মহাত্মা গান্ধীৰ পোছাক পৰিধান কৰি তেওঁলোকৰ পৰম্পৰাগত কলা প্ৰদৰ্শন দি ৰাহুল গান্ধীক আদৰণি জনাইছিল।

হিন্দুস্থান সমাচাৰ/মুকেশ/মনোজ/অৰবিন্দ


 rajesh pande