নতুন দিল্লী, ২৪ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে লাচিত দিৱস উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, লাচিত দিৱসৰ শুভেচ্ছা। এই লাচিত দিৱস বিশেষ কিয়নো আমি মহান লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তী উদযাপন কৰিছো। তেওঁ অতুলনীয় সাহসৰ প্ৰতীক আছিল। তেওঁ জনসাধাৰণৰ কল্যাণক প্ৰথম স্থান দিছিল আৰু তেওঁ এজন ন্যায়সঙ্গত আৰু দূৰদৰ্শী নেতা আছিল।
হিন্দুস্থান সমাচাৰ/সুশীল/মনোজ/অৰবিন্দ