গুৱাহাটী, ২৪ নৱেম্বৰ(হি.স.)। মহানগৰৰ চান্দমাৰিত আজি এক অঘটন সংঘটিত হয়। ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা এজন যুৱকৰ। নামনিমুৱা মালবাহী ৰে’লৰ আগত জাপ দিয়ে যুৱকজনে।
যুৱকজনৰ বয়স আনুমানিক ২৫ বছৰ হ’ব বুলি জানিব পৰা গৈছে। বৰ্তমানো জানিব পৰা হোৱা নাই মৃত যুৱকজনৰ পৰিচয়। ইফালে ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে যুৱকজনৰ পৰিচয় লাভৰ বাবে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ/ৰমেন/আলোক.