বনদস্যুৰ পক্ষ লৈ মুখ্যমন্ত্ৰীয়ে অসমৰ জনতাক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে–লুৰিনজ্যোতি
যোৰহাট, ২৪ নৱেম্বৰ (হি.স.)। বনদস্যুৰ পক্ষ লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ জনতাক সুৰক্ষা দিয়াত ব্যৰ্থ হৈ
বনদস্যুৰ পক্ষ লৈ মুখ্যমন্ত্ৰীয়ে অসমৰ জনতাক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে–লুৰিনজ্যোতি


যোৰহাট, ২৪ নৱেম্বৰ (হি.স.)। বনদস্যুৰ পক্ষ লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ জনতাক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে। নেডাৰ মুখ্য ভূমিকাত থকাৰ স্বাৰ্থতে অসমৰ মুখ্যমন্ত্ৰীয়ে মেঘালয় চৰকাৰৰ ওচৰত আঁঠু লৈছে। এই মন্তব্য অজাপৰ সভাপতি লুৰিনজ্যোতি গগৈৰ। অসমৰ মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰি তেওঁ আজি টীয়কত এনেদৰে মন্তব্য কৰে।

মেঘালয় আৰু অসমৰ বন কৰ্মীৰ মাজত হোৱা সংঘৰ্ষক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে। অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড হিমন্ত বিশ্ব শৰ্মাই নিজ স্বাৰ্থ পূৰণ কৰাৰ নিমিত্তে মেঘালয় চৰকাৰৰ ওচৰত আঁঠু লোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অজাপ ৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে। উল্লেখযোগ্য যে যি সময়ত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মেঘালয়ৰ জনতাৰ পক্ষত থাকি সম্পূৰ্ণ বিষয়টোক সু-মীমাংসাৰ বাবে চিন্তা কৰিছে সেই একেই সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে সাধাৰণ পৌৰ নিৰ্বাচনৰ ষ্টাৰ কেম্পেইনাৰ হৈ দিল্লীত নিজৰ গৌৰৱ জাহিৰ কৰাত ব্যস্ত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অজাপৰ নেতাজনে। ইফালে তদন্ত প্ৰক্ৰিয়া চলি থকাৰ সময়তে অসমৰ বন বিভাগৰ কেইবাজনো বিষয়াক নিলম্বন তথা বদলি কৰাৰ বিষয়টোকো তীব্ৰ ভাষাৰে গৰিহণা দিছে গগৈয়ে।

লগতে অসম-মেঘালয়ৰ সীমাৰ ক্ষেত্ৰত হোৱা সমস্যা তথা অনিশ্চয়তাৰ ক্ষেত্ৰত অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে অজাপ নেতাগৰাকীয়ে। টীয়কৰ লাচিত মৈডামত আজি নেতাগৰাকী উপস্থিত হৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.


 rajesh pande