সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো আজি বিভিন্ন কাৰ্যসূচীৰে ৪০০ সংখ্যক লাচিত দিৱস উদযাপন কৰা হয়।
শিৱসাগৰ, ২৪ নৱেম্বৰ (হি.স.) : সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো আজি বিভিন্ন কাৰ্যসূচীৰে ৪০০ সংখ্যক লাচিত
সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো আজি বিভিন্ন কাৰ্যসূচীৰে ৪০০ সংখ্যক লাচিত দিৱস উদযাপন কৰা হয়।


শিৱসাগৰ, ২৪ নৱেম্বৰ (হি.স.) : সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো আজি বিভিন্ন কাৰ্যসূচীৰে ৪০০ সংখ্যক লাচিত দিৱস উদযাপন কৰা হয়। শিৱসাগৰ জিলা প্ৰশাসন, আৰক্ষী বিভাগ আৰু শিৱসাগৰ পৌৰসভাৰ উদ্যোগত লাচিত দিৱস উদযাপন কৰা হয়।

লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উপলক্ষে আজি শিৱসাগৰ পৌৰসভাই আনন্দৰাম বৰুৱা শিশু উদ্যানত থকা পুতলা ট্ৰেইনত লাচিত বৰফুকনৰ প্ৰতিচ্ছবি অংকন কৰি নতুন ৰূপত মুকলি কৰি দিয়ে। ইয়াৰোপৰি শিৱদল চৌহদত ৩৫ ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবি নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ৰ দেৱালত লাচিত বৰফুকনৰ ছবি অংকন কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande