লাচিত দিৱসত মহান সেনাপতি জনলৈ ৰাজ্যপালৰ পুস্পাঞ্জলি
গুৱাহাটী, ২৪ নৱেম্বৰ (হি.স.)। আজি বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী ৰাজ্যজুৰি উদযাপন কৰা হৈছে
ৰাজ্যপালৰ পুস্পাঞ্জলি


গুৱাহাটী, ২৪ নৱেম্বৰ (হি.স.)। আজি বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী ৰাজ্যজুৰি উদযাপন কৰা হৈছে। এই উপলক্ষে কামৰূপ (মেট্ৰ' ) জিলা প্ৰশাসনৰ উদ্যোগত গুৱাহাটীৰ জালুকবাৰীৰ বীৰ লাচিত বৰফুকন উদ্যানত এক এদিনীয়া বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে লাচিত পাৰ্কত বীৰ লাচিতৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি জ্ঞাপন কৰে।

মন কৰিবলগীয়া যে এই মহান আহোম সেনাপতিগৰাকীৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এবছৰীয়া কাৰ্যসূচী গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ চলিত ২০২২ চনৰ ফেব্ৰুৱাৰাতী প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উদ্বোধন কৰিছিল।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্যপালগৰাকীয়ে কয়, লাচিত বৰফুকন এজন মহান যোদ্ধা আৰু অসমৰ এজন বিশিষ্ট ঐতিহাসিক ব্যক্তি আছিল যিয়ে আমাৰ সংস্কৃতি আৰু সভ্যতাক গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মোগলৰ বিৰুদ্ধে তেওঁৰ প্ৰসিদ্ধ বিজয় চিৰকালৰ বাবে প্ৰতিজন অসমৰ বাবে গৌৰৱৰ বিষয় হৈ থাকিব।

ৰাজ্যপালগৰাকীয়ে লগতে কয় যে তেওঁৰ অসাধাৰণ উত্তৰাধিকাৰী আৰু কিংবদন্তি সাহসিকতাৰ কাৰ্য্য প্ৰতিজন ভাৰতীয়ৰ বাবে অনুপ্ৰেৰণাৰ এক ডাঙৰ উৎস।

তেওঁ লগতে আশা প্ৰকাশ কৰে যে লাচিতৰ দৰে মহান ব্যক্তিৰ জন্মদিন পালন কৰিলে আমাৰ যুৱ প্ৰজন্মক সেনাপতিজনে এৰি যোৱা সমৃদ্ধ উত্তৰাধিকাৰীৰ সৈতে নিজকে সম্পৰ্কিত কৰাৰ সুযোগ প্ৰদান কৰিব।

হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ


 rajesh pande