ফকিৰাগ্ৰামত বৃহৎ পৰিমাণৰ চোৰাং শালকাঠ সহ চাৰিখন ই-ৰিক্সা জব্দ, ৫ জনক আটক
কোকৰাঝাৰ, ২৪ নৱেম্বৰ (হি.স.)। এক গোপন সূত্ৰৰ জৰিয়তে ফকিৰাগ্ৰাম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুশীল
ফকিৰাগ্ৰামত বৃহৎ পৰিমাণৰচোৰাং শালকাঠ সহ  চাৰিখন ই-ৰিক্সা জব্দ লগতে ৫ জনক আটক কৰে  ।


ফকিৰাগ্ৰামত বৃহৎ পৰিমাণৰচোৰাং শালকাঠ সহ  চাৰিখন ই-ৰিক্সা জব্দ লগতে ৫ জনক আটক কৰে  ।


কোকৰাঝাৰ, ২৪ নৱেম্বৰ (হি.স.)। এক গোপন সূত্ৰৰ জৰিয়তে ফকিৰাগ্ৰাম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুশীল ক্ষেত্ৰীৰ নেতৃত্বত ফকিৰাগ্ৰাম আৰু চিথিলা আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱা ৪ মান বজাত কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত প্ৰতাপখাতা ৰেল গেটৰ সন্মুখত বৃহৎ পৰিমাণৰ চোৰাং শালকাঠ সহ চাৰিখন ই-ৰিক্সা জব্দ কৰে।

জব্দ কৰা কাঠৰ বজাৰ মূল্য প্ৰায় ২ লাখ টকা। ধুবুৰী জিলাৰ সাপটগ্ৰামৰ পৰা কোকৰাঝাৰ জিলাৰ দোতমালৈ গৈ থকা অৱস্থাত প্ৰতাপখাতাত চোৰাং শালকাঠ সহ ই-ৰিক্সাখন জব্দ কৰে লগতে আৰক্ষীয়ে চাৰিখন ই-ৰিক্সাৰ চালকক গ্ৰেপ্তাৰ কৰে আৰু চাৰিখন ই-ৰিক্সা জব্দ কৰে।

গ্ৰেপ্তাৰ কৰা চালক সকলক বালিপাৰাৰ প্ৰথম খণ্ডৰ বাসিন্দা নাফেল শ্বেখৰ পুত্ৰ নুৰ ইছলাম শ্বেখ (৩৫),সাপটগ্ৰামৰ ১ নম্বৰ ৱাৰ্ডৰ বাসিন্দা বাদিউৰ জামালৰ পুত্ৰ জমিনুল হক (২৪),সাপটগ্ৰামৰ ১ নম্বৰ ৱাৰ্ডৰ বাসিন্দা শিনাদ্দি আলীৰ পুত্ৰ আবুল কালাম আজাদ (২৩), জোগদয় মুছলিমপাৰাৰ বাসিন্দা শফৰুদ্দিন শ্বেখৰ পুত্ৰ ফৰিদুল ৰহমান (২৭)।

এই ক্ষেত্ৰত, আৰক্ষীয়ে প্ৰাথমিক পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰা অভিযুক্ত জনক সোধা-পোছা কৰি গোচৰটোৰ তদন্ত কৰি থকা অৱস্থাত বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১২ বজাত, এই গোচৰটোৰ মূল অভিযুক্ত, ভেলাখুপাৰ বাসিন্দা জাভেদ আলীৰ পুত্ৰ আমজাদ আলী (৩৫)ক আৰক্ষীয়ে ফকিৰাগ্ৰামৰ পৰা গ্ৰেপ্তাৰ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande