আজি প্ৰাক বাজেট বৈঠকত সেৱা আৰু ব্যৱসায়িক খণ্ডৰ প্ৰতিনিধিক সাক্ষাৎ কৰিব সীতাৰমণে
নতুন দিল্লী, ২৪ নৱেম্বৰ (হি.স.)। আগন্তুক ২০২২-২৪ বিত্তীয় বৰ্ষৰ বাজেট প্ৰস্তুতৰ প্ৰক্ৰিয়া আৰম্ভ কৰি
sitaraman1_1


নতুন দিল্লী, ২৪ নৱেম্বৰ (হি.স.)। আগন্তুক ২০২২-২৪ বিত্তীয় বৰ্ষৰ বাজেট প্ৰস্তুতৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বিত্ত মন্ত্ৰালয়ে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি পঞ্চম বাজেট প্ৰাক বৈঠকত সেৱা আৰু ব্যৱসায়িক খণ্ডৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হ’ব। বৃহস্পতিবাৰে টুইট কৰি এই তথ্য প্ৰদান কৰিছে বিত্তমন্ত্ৰীৰ কাৰ্যালয়ে।

বিত্তমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইট অনুসৰি নিৰ্মলা সীতাৰমণে পঞ্চম বাজেট পূৰ্ব বৈঠকত সেৱা আৰু ব্যৱসায়িক খণ্ডৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হ’ব। ইয়াৰ লগতে বিত্তমন্ত্ৰীয়ে স্বাস্থ্য, শিক্ষা, গ্ৰামোন্নয়ন আৰু পানী আৰু অনাময়কে ধৰি সামাজিক খণ্ডৰ প্ৰতিনিধিকো সাক্ষাৎ কৰিব।

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আয়োজিত এই বৈঠকত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ লগতে বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰী আৰু ভাগৱত কিষানৰাও কাৰাদেও অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও বাজেটৰ পূৰ্বৰ বৈঠকত বিত্ত সচিব টিভি সোমানাথন, বিত্ত মন্ত্ৰালয়ৰ অন্যান্য বিভাগৰ সম্পাদক আৰু মুখ্য অৰ্থনৈতিক উপদেষ্টা অনন্ত নাগেশ্বৰনেও অংশগ্ৰহণ কৰিব।

উল্লেখযোগ্য যে অহা বিত্তীয় বৰ্ষৰ বাৰ্ষিক বাজেট প্ৰস্তুতৰ আনুষ্ঠানিক প্ৰক্ৰিয়া ২৪ অক্টোবৰৰ পৰা আৰম্ভ হৈছে। ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট ১ ফেব্ৰুৱাৰীত সংসদত দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

হিন্দুস্থান সমাচাৰ/প্ৰজেশ/অৰৱিন্দ/মনোজ


 rajesh pande