চীনত ঘাতক কৰোনাৰ আতংক, বেইজিংসহ ৪৯ খন চহৰ বন্ধ
- এদিনত ৩১ হাজাৰৰো অধিক নতুন ঘটনা, কৰোনা পৰীক্ষা আৰু টিকাকৰণৰ ওপৰত গুৰুত্ব বেইজিং, ২৪ নৱেম্বৰ (হি.
চীনত কৰোনা


- এদিনত ৩১ হাজাৰৰো অধিক নতুন ঘটনা, কৰোনা পৰীক্ষা আৰু টিকাকৰণৰ ওপৰত গুৰুত্ব

বেইজিং, ২৪ নৱেম্বৰ (হি.স.)। চীনত কৰোনাৰ আতংক আকৌ এবাৰ সমস্যা হৈ পৰিছে। বুধবাৰে, এদিনত ৩১,৪৫৪ টা নতুন কৰোনা সংক্ৰমণৰ ঘটনা প্ৰতিবেদিত হৈছে। এদিনত ৩১ হেজাৰৰো অধিক নতুন ঘটনা পোহৰলৈ অহাৰ পিছত বেইজিং চহৰকে ধৰি প্ৰায় ৪৯ খন চহৰ বন্ধ কৰি দিয়া হৈছে।

বিশ্বত কৰোনাৰ আতংক বিয়পোৱা চীনত কৰোনা আকৌ এবাৰ বৃদ্ধি পাইছে। চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য ব্যুৰোৰ তথ্য অনুসৰি, বুধবাৰে এদিনত কৰোনা সংক্ৰমণৰ ৩১,৪৫৪ টা নতুন ঘটনা প্ৰতিবেদিত হৈছে। এয়া মহামাৰীৰ আৰম্ভণিৰ পৰা এদিনত সৰ্বাধিক সংখ্যক সংক্ৰমণ ঘটনা। এদিনত একেলগে ইমান সংখ্যক সংক্ৰমণৰ তথ্য ওলোৱাৰ পিছত, চীনা চৰকাৰে লকডাউন আৰু ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰা তীব্ৰতৰ কৰি তুলিছে। একে সময়তে, কৰোনা পৰীক্ষা আৰু টিকাকৰণৰ ওপৰতো গুৰুত্ব দিয়া হৈছে, যাতে কৰোনা অধিক বিয়পি পৰা প্ৰতিহত কৰিব পাৰি। বিগত ১ নৱেম্বৰৰ পৰা, সমগ্ৰ দেশত মুঠ ২,৮০,০০০ৰো অধিক কৰোনা সংক্ৰমণৰ তথ্য পোহৰলৈ আহিছে। যোৱা সপ্তাহত দৈনিক গড়ে ২২,২০০ টা ঘটনা প্ৰতিবেদিত হৈছে।

কৰোনা সংক্ৰমণ বৃদ্ধি হোৱাৰ সৈতে, ৰাজধানী বেইজিংকে ধৰি দেশৰ ৪৯ খন চহৰ বন্ধ কৰা হৈছে। শ্ৰমিক আৰু নিৰাপত্তাকৰ্মীৰ মাজত সংঘৰ্ষৰ ঘটনা পোহৰলৈ অহাৰ পিছত জেংগঝুত এপলৰ আইফোন নিৰ্মাণ কাৰখানাত কঠোৰ লকডাউন জাৰি কৰা হৈছে। ৰাজধানী বেইজিংত লকডাউনৰ অধীনত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পাৰ্ক, কাৰ্যালয় ঘৰ আৰু শ্বপিং মল বন্ধ কৰা হৈছে। মানুহক ঘৰত থাকিবলৈ কোৱা হৈছে। এই লকডাউন ব্যৱস্থাৰ ফলত ৪১.২ কোটি লোক প্ৰভাৱিত হৈছে।

হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/মনোজ/অৰবিন্দ


 rajesh pande