বৰপেটা চহৰৰ সুন্দৰীদিয়াত চুৰিকাণ্ড
বৰপেটা, ২৪ নৱেম্বৰ (হি স)। বৰপেটা চহৰৰ সুন্দৰীদিয়াত সংঘটিত হৈথে এক চুৰি কাণ্ডৰ ঘটনা ৷ সুন্দৰীদিয়াৰ
চোৰ


বৰপেটা, ২৪ নৱেম্বৰ (হি স)। বৰপেটা চহৰৰ সুন্দৰীদিয়াত সংঘটিত হৈথে এক চুৰি কাণ্ডৰ ঘটনা ৷ সুন্দৰীদিয়াৰ কলয়াহাটীৰ দিপান্ত দাস নামৰ লোকজনৰ ঘৰত চুৰিকাণ্ড সংঘটিত হৈছে ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি নিলে পৰিয়ালটোৰ সোণৰ অলংকাৰ, নগদ ধন, পাট-মুগাৰ কাপোৰসহ বহু সম্পত্তি ৷ তীৰ্থ ভ্ৰমণলৈ গৈ সৰ্বস্বান্ত হৈ পৰে দিপান্ত দাসৰ পৰিয়ালটো ৷

উল্লেখ্য় যে যোৱা ১৮ নৱেম্বৰত ঘৰৰ পৰা পুৰীৰ জগন্নাথ ধামলৈ যাত্ৰা কৰিছিল পৰিয়ালটোৱে ৷ ফলত ঘৰত নাছিল কোনো লোক ৷ এই সুযোগতে খিৰিকীৰ গ্ৰীল ভাঙি ঘৰৰ ভিতৰ সোমাই চোৰে আলমিৰা আদি ভাঙি লুটি লৈ যায় সকলো ৷ আজি তীৰ্থভ্ৰমণ সামৰি ঘৰলৈ অহাৰ পিচতহে পোহৰলৈ আহে চুৰিৰ ঘটনাটো ৷

তীৰ্থভ্ৰমণলৈ গৈ পৰিয়ালটোৱে এনে ঘটনাৰ সন্মুখীন হ’বলগীয়া হোৱা ঘটনাক সহজভাৱে লোৱা নাই চহৰবাসীয়ে ৷ এইক্ষেত্ৰত আৰক্ষীৰ পহৰাৰ ক্ষেত্ৰত গাফিলতি হৈছে নেকি বুলিও প্ৰশ্ন উঠিছে ৷ উল্লেখ্য যে, দুদিন পূৰ্বে বৰপেটা চহৰত দিন দূপৰতে এঘৰত চোৰ সোমাই লুটি নিচিল সোণৰ অলংকাৰসহ ধন সম্পদ ৷ এইক্ষেত্ৰত আৰক্ষীক তৎপৰ হোৱাৰ আহ্বান জনাইছে চহৰখনৰ বাসিন্দাসকলে ৷

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande