অচলাৱস্থাৰ অৱসান ঘটাই আনৱাৰ ইব্ৰাহিম মালয়েছিয়াৰ নতুন প্ৰধানমন্ত্ৰী নিযুক্ত
কুৱালালামপুৰ, ২৪ নৱেম্বৰ (হি.স.)। মালয়েছিয়াত খণ্ডিত জনাদেশৰ দ্বাৰা সৃষ্টি হোৱা ৰাজনৈতিক অনিশ্চয়তা
মালয়েছিয়াৰ নতুন প্ৰধানমন্ত্ৰী


কুৱালালামপুৰ, ২৪ নৱেম্বৰ (হি.স.)। মালয়েছিয়াত খণ্ডিত জনাদেশৰ দ্বাৰা সৃষ্টি হোৱা ৰাজনৈতিক অনিশ্চয়তাৰ সমাপ্তি ঘটিছে। সাধাৰণ নিৰ্বাচনত সৰ্বাধিক আসন লাভ কৰা পাকতন হৰপন মিত্ৰজোঁটৰ নেতা আনৱাৰ ইব্ৰাহিমক মালয়েছিয়াৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ ইতিমধ্যে দায়িত্ব গ্ৰহণ কৰিছে।

শেহতীয়াকৈ মালয়েছিয়াত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। নিৰ্বাচনী ফলাফলে ৰাজনৈতিক অনিশ্চয়তাৰ সৃষ্টি কৰিছিল কিয়নো এই নিৰ্বাচনত কোনো এটা দলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল। সংস্কাৰবাদী বিৰোধী নেতা আনৱাৰ ইব্ৰাহিমৰ নেতৃত্বত পাকতন হৰপন মিত্ৰজোঁটে এই নিৰ্বাচনত সৰ্বাধিক ৮২ খন আসন লাভ কৰিছিল। এতিয়া সাধাৰণ নিৰ্বাচনৰ ফলাফলৰ পাঁচ দিন পিছত, নতুন চৰকাৰ গঠনৰ পথ পৰিষ্কাৰ কৰা হৈছে। মালয়েছিয়াৰ চুলতান আব্দুল্লাহ আহমেদ শ্বাহে নখন ৰাজ্যৰ ৰজাসকলৰ সৈতে এক বিশেষ বৈঠকৰ পিছত আনৱাৰ ইব্ৰাহিমক দেশৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে মনোনীত কৰিছে। প্ৰাসাদৰ দ্বাৰা জাৰী কৰা এক বিবৃতিত ইব্ৰাহিমৰ মনোনয়ন ঘোষণা কৰা হৈছিল। ইব্ৰাহিম মালয়েছিয়াৰ দশম প্ৰধানমন্ত্ৰী হ'ব। ৰাজকীয় নিয়ন্ত্ৰক ফাদলি চামছুদ্দিনে এক বিবৃতিত কয় যে মালয় শাসকসকলৰ মতামত অৱগত হোৱাৰ পিছত চুলতানে দাতুক চেৰি আনৱাৰ ইব্ৰাহিমক মালয়েছিয়াৰ দশম প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিবলৈ সহমত ব্যক্ত কৰে। ইয়াৰ পিছত আনৱাৰ ইব্ৰাহিমে স্থানীয় সময় অনুসৰি সন্ধিয়া ৫ বজাত প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল।

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ বিষয়ে ঘোষণাটো বেছিভাগ দলে চুলতান আব্দুল্লাহ আহমেদ শ্বাহৰ একতা চৰকাৰ গঠনৰ প্ৰস্তাৱত সন্মত হোৱাৰ পিছত আহিছিল। আনৱাৰ ইব্ৰাহিম আৰু তেওঁৰ প্ৰতিদ্বন্দ্বী পেৰিকটন নেচনেল (পিএন)ৰ মুৰব্বী মুহিদ্দিন য়াছিনে সংসদত সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় ১১২ জন সাংসদৰ সমৰ্থন লাভ কৰিবলৈ অসমৰ্থ হৈছিল। বৃহস্পতিবাৰে, ইউনাইটেড মালয়েচিয়ান নেচনেল অৰ্গেনাইজেচন (ইউএমএনঅ') দলে বাৰিচান নাছিওনেল (বিএন) মিত্ৰজোঁটৰ বিৰোধী হোৱাৰ পূৰ্বৰ মতামতৰ পৰা পৃথক স্থিতি গ্ৰহণ কৰি একতা চৰকাৰৰ অংশ হ'বলৈ ইচ্ছা প্ৰকাশ কৰে,। মালয়েছিয়াৰ আন ৰাজনৈতিক দলসমূহেও ইউএমএনঅ'ৰ দ্বাৰা লোৱা স্থিতিক সমৰ্থন কৰিছে।

হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/মনোজ


 rajesh pande