পৰ্বতঝোৰা মহকুমাৰ খোৰাঘাট শ্মশান কালী মন্দিৰত বাৰ্ষিক পুজা
কোকৰাঝাৰ, ২৪ নৱেম্বৰ (হি.স.): প্ৰতি বছৰৰ দৰে এইবেলিও বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ খোৰাঘ
পৰ্বতঝোৰা মহকুমাৰ খোৰাঘাট শ্মশান কালী মন্দিৰত বাৰ্ষিক পুজা


কোকৰাঝাৰ, ২৪ নৱেম্বৰ (হি.স.): প্ৰতি বছৰৰ দৰে এইবেলিও বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ খোৰাঘাট শ্মশান কালী মন্দিৰ প্ৰাংগনত হিন্দু মুছলিম উভয় ধৰ্মৰ মানুহ মিলিত এনাজৰীৰে কালী পূজা অৰ্চনা আয়োজন কৰে।

উল্লেখ্য যে এই পূজা অৰ্চনাত সদূৰ ৰাজস্থানৰ পৰা অহা যোগী সাধু শিব নাথে উক্ত কালী মন্দিৰত পূজা-অৰ্চনা কৰা দেখা যায়। আজিৰ পূজা অৰ্চনা সন্দৰ্ভত কালী মন্দিৰৰ সম্পাদক বিজয় অধিকাৰী সভাপতি সভাপতি প্ৰতুল দাসকে ধৰি নিখিল পাল , প্ৰদুত অধিকাৰী, কৰুণা অধিকাৰী, সাপ্তাৰ আলী, আবুল সেখ আস্কাৰ আলী, ৰহিম বেপাৰী, নুৰনবি বেপাৰী আদি কৰি ভালে সংখ্যক সমাজ কৰ্মী আজিৰ পূজা অৰ্চনাত সহযোগ কৰা পৰিলক্ষিত হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande