বৰহাট দীপ্ত যুৱ সংঘৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱস সম্পন্ন
চৰাইদেউ, ২৪ নবেম্বৰ (হি.স.)। চৰাইদেউ জিলাৰ বৰহাট নিউ হাইস্কুল খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে বৰহাট দ
বৰহাট দীপ্ত যুৱ সংঘৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱস সম্পন্ন


চৰাইদেউ, ২৪ নবেম্বৰ (হি.স.)। চৰাইদেউ জিলাৰ বৰহাট নিউ হাইস্কুল খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে বৰহাট দীপ্ত সংঘৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি পৰে। পূৱাৰ পৰা আৰম্ভ হোৱা বিভিন্ন কাৰ্যসূচীৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত খেল ধেমালিৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা অনুস্থিত কৰে।

বহু সংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিত অনুষ্ঠিত হোৱা মুকলি সভাৰ সভাপতিত্ব কৰে বাণী বৰগোহাঁয়ে।উক্ত অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া অঞ্চলৰ প্ৰকৃতিপ্ৰেমী আৰু সমাজকৰ্মী তীৰ্থ গগৈয়ে বহুসংখ্যক বয়সস্থ ব্যক্তিক লাখুটি প্ৰকাশ কৰে। সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত বহু কেইগৰাকী কন্ঠশিল্পীয়ে গীত পৰিৱেশন কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/আলোক.


 rajesh pande