ডিফু ৰেলৱে ষ্টেচনত এগৰাকী বৃদ্ধা সহ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ
কাৰ্বি আংলং, ২৩ নবেম্বৰ (হি.স.): কাৰ্বি আংলং জিলাৰ ডিফু ৰেলৱে ষ্টেচনত নামনিমুৱা অৱধ আসাম ৰে’লৰ পৰা এ
গাঞ্জা


কাৰ্বি আংলং, ২৩ নবেম্বৰ (হি.স.): কাৰ্বি আংলং জিলাৰ ডিফু ৰেলৱে ষ্টেচনত নামনিমুৱা অৱধ আসাম ৰে’লৰ পৰা এগৰাকী বৃদ্ধা সহ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে। যোৱাকালি সন্ধিয়া গোপন সূত্ৰৰ পম খেদি অতিৰিক্ত আৰক্ষী অধীক্ষক নিলোতপল শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটি দলে ডিফু ৰেলৱে ষ্টেচনত অভিযান চলাই নামনিমুৱা অৱধ আসাম ৰে’লৰ পৰা এগৰাকী বৃদ্ধা মহিলা সহ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে ।

ধৃত বৃদ্ধা গৰাকীৰ নাম চুহাগী বিবি বুলি জানিব পৰা গৈছে আৰু তেওঁ ডিমাপুৰৰ পৰা গুৱাহাটীলৈ বুলি গাঞ্জাখিনি কঢ়িয়াই নি আছিল । জব্দকৃত গাঞ্জাখিনিৰ ওজন ৩০.৫৪ কিলোগ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য ডেৰ লাখৰো অধিক হ’ব বুলি সূত্ৰটোৱে জানিবলৈ দিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande