পিতৃ-মাতৃৰ সৈতে জন্মদিন উদযাপন কাৰ্তিকৰ, অনুৰাগীসকলৰ সৈতে ফটো শ্বেয়াৰ
২৩ নৱেম্বৰ (হি.স.)। বলীউড অভিনেতা কাৰ্তিক আৰিয়ানে মংগলবাৰে তেওঁৰ ৩২তম জন্মদিন উদযাপন কৰিছে। এই বিশেষ
পিতৃ-মাতৃৰ সৈতে জন্মদিন উদযাপন কাৰ্তিকৰ, অনুৰাগীসকলৰ সৈতে ফটো শ্বেয়াৰ


২৩ নৱেম্বৰ (হি.স.)। বলীউড অভিনেতা কাৰ্তিক আৰিয়ানে মংগলবাৰে তেওঁৰ ৩২তম জন্মদিন উদযাপন কৰিছে। এই বিশেষ অনুষ্ঠানত কাৰ্তিক তথা তেওঁৰ পিতৃ-মাতৃয়ে মাজনিশা কেক কাটি জন্মদিন উদযাপন কৰিছে। কাৰ্তিকে এই উদযাপনৰ দুখন ফটো সামাজিক মাধ্যমত অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিছে। ফটোবোৰ শ্বেয়াৰ কৰি কাৰ্তিকে লিখিছে 'প্ৰতিটো জন্মতে, মই আপোনাৰ পুত্ৰ কোকি হিচাপে জন্ম ল'ব বিচাৰো। জন্মদিনৰ এই সুন্দৰ আশ্চৰ্যৰ বাবে ধন্যবাদ - মা- পাপা, কাটোৰী আৰু কিকি!'

এই ফটোবোৰৰ প্ৰথমখনত, কাৰ্তিকক কেক কাটিবলৈ সাজু দেখা গৈছে। একে সময়তে, জন্মদিনৰ সজ্জাও পৃষ্ঠভূমিত দেখা যায়। যাৰ ওপৰত কাৰ্তিকৰ নিক নাম লিখা আছে - লাভ ইউ কোকি। দ্বিতীয় ফটোখনত, কাৰ্তিকক তেওঁৰ পিতৃ-মাতৃ আৰু পোহনীয়া কুকুৰৰ সৈতে দেখা গৈছে।

কাৰ্তিকৰ পোষ্টৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি অনুৰাগী আৰু চেলিব্ৰিটিসকলে তেওঁক তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনাইছে। উল্লেখ্য় যে কাৰ্তিকে অতি কম সময়ৰ ভিতৰতে বলীউডৰ চলচ্চিত্ৰৰ লগতে দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান লাভ কৰিছে। কৰ্মক্ষেত্ৰত, কাৰ্তিকক শীঘ্ৰেই ফ্ৰেডি চলচ্চিত্ৰত দেখা যাব। ইয়াৰ উপৰিও, তেওঁক কৃতি চাননৰ সৈতে শ্বাহজাদা আৰু কিয়াৰা আদৱানীৰ সৈতে 'সত্যপ্ৰেম কি কথা' বোলছবিখনত দেখা যাব।

হিন্দুস্থান সমাচাৰ/ সুৰভি /বিস্মিতা/মনোজ


 rajesh pande