তেজপুৰত হেৰইন আৰু আফিং সহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
শোণিতপুৰ, ২২নৱেম্বৰ:(হি:স:)। তেজপুৰত আজি আৰক্ষীয়ে চলোৱা অভিযানত এক ড্ৰাগছ সৰবৰাহকাৰীৰ উপৰি আফিং সহ

হেৰইন 


শোণিতপুৰ, ২২নৱেম্বৰ:(হি:স:)। তেজপুৰত আজি আৰক্ষীয়ে চলোৱা অভিযানত এক ড্ৰাগছ সৰবৰাহকাৰীৰ উপৰি আফিং সহ আন এক সৰবৰাহকাৰীক কৰায়ত্ত কৰা হয়৷

উল্লেখযোগ্য যে, তেজপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিন্টু বড়োৰ নেতৃত্বত তেজপুৰৰ ৰূপকুৰীয়া অঞ্চলৰ আনোৱাৰ হুছেইনৰ পুত্ৰ ৰাজিমূল হুছেইন(২৩)ক মুঠ ১০গ্ৰাম হেৰইন সহ গোটলুং অঞ্চলত কৰায়ত্ত কৰে আৰক্ষীয়ে৷ উল্লেখযোগ্য যে, এএছ ১২ ৱাই ২২০৩ নম্বৰৰ মটৰচাইকেলত প্লাষ্টিকৰ এটা চাবোনৰ বাকচত লুকুৱাই অনা হৈছিল এই হেৰইন খিনি ৷

ইপিনে আন এক অভিযানত তেজপুৰৰ শালনিবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শংকৰ দয়ালৰ নেতৃত্বত শ’লমৰাত চলা অভিযানত আব্দুল জব্বৰ নামৰ লোকজনক ১০০.৪৯ গ্ৰাম আফিং সহ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ লোকজনৰ বিষয়ে আৰক্ষীয়ে লাভ কৰা আগতীয়া তথ্যৰ আধাৰত এই অভিযান চলিছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ৷

হিন্দুস্থান সমাচাৰ /সমীৰ/মনোজ


 rajesh pande