ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ জনসাধাৰণক গান্ধীৰ নীতি অনুসৰণ কৰিবলৈ আহ্বান
নিউয়ৰ্ক, ০২ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে দেওবাৰে মহাত্মা গান্ধীৰ ১৫৩ তম জ
ৰাষ্ট্ৰসংঘৰ মহাসচিব


নিউয়ৰ্ক, ০২ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে দেওবাৰে মহাত্মা গান্ধীৰ ১৫৩ তম জন্মজয়ন্তী উপলক্ষে অহিংসাৰ নীতি পালন কৰি হিংসা পৰিহাৰ কৰিবলৈ ৰাইজক আহ্বান জনায়।

ৰাষ্ট্ৰসংঘৰ মুৰব্বীয়ে টুইট কৰি কয়- ‘‘আন্তৰ্জাতিক অহিংসা দিৱসত আমি মহাত্মা গান্ধীৰ জন্মদিন আৰু সকলোৱে ভাগ বতৰা কৰা শান্তি, সন্মান আৰু অপৰিহাৰ্য মৰ্যাদাৰ মূল্যবোধ উদযাপন কৰোঁ।’’ আমি এই মূল্যবোধবোৰ গ্ৰহণ কৰি আৰু এক উন্নত ভৱিষ্যত গঢ়ি তুলিবলৈ সংস্কৃতি আৰু সীমাৰ ওপৰেৰে কাম কৰি আজিৰ প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰিব পাৰোঁ।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰৱিন্দ


 rajesh pande