ইণ্ডোনেছিয়াত ফুটবল খেলৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাত ১২৯ ৰো অধিক লোকৰ মৃত্যু
জাকাৰ্টা, ০২ অক্টোবৰ (হি.স.)। ইণ্ডোনেছিয়াত এখন ফুটবল খেলৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাত ১২৯ জন লোকৰ
Indonesia-football match-violence


জাকাৰ্টা, ০২ অক্টোবৰ (হি.স.)। ইণ্ডোনেছিয়াত এখন ফুটবল খেলৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাত ১২৯ জন লোকৰ মৃত্যু হৈছে। গাৰ্ডিয়ানৰ ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি ইণ্ডোনেছিয়াৰ লীগৰ এখন ফুটবল খেলৰ পিছত হোৱা বিশৃংখলতা আৰু হিংসাত্মক পৰিস্থিতিৰ পিছত ১২৯ জনতকৈ অধিক ফুটবল অনুৰাগীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

এই ৱেবছাইট অনুসৰি পূব জাভাৰ মালাং ৰিজেন্সীত অনুষ্ঠিত এখন মেচত আৰেমাক ৩-২ গ’লত পৰাস্ত কৰাৰ পিছতে জাভানীজ ক্লাব আৰেমা আৰু পাৰ্চেবায়া চুৰাবায়াৰ সমৰ্থকৰ মাজত সংঘৰ্ষ হৈছিল। মালাং ৰিজেন্সীৰ স্বাস্থ্য কাৰ্যালয়ৰ মুৰব্বী ভিয়েণ্টো ভিজোয়োৱে জনোৱা মতে, ১২৯ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। তেওঁ কয় যে বিষয়াসকলে এতিয়াও আহতসকলৰ সংখ্যা নিৰ্ণয় কৰি আছে। এক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই হিংসাত্মক ঘটনাত দুজন আৰক্ষী বিষয়াসহ ১২৯ জন লোক নিহত হৈছে। লগতে ১০০ জনতকৈ অধিক লোক আহত হৈছে।

হিন্দুস্থান সমাচাৰ/ মুকুন্দ/অৰৱিন্দ/মনোজ


 rajesh pande