গুৱাহাটীত ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি ২০ মেচ চাবলৈ জনতাৰ মাজত বিশাল উৎসাহ
গুৱাহাটী, ০২ অক্টোবৰ (হি.স.)। গুৱাহাটীত বহুদিনৰ অন্তত দেওবাৰে সন্ধিয়া আয়োজন কৰিবলৈ ওলাইছে আন্তঃৰাষ
ACA


গুৱাহাটী, ০২ অক্টোবৰ (হি.স.)। গুৱাহাটীত বহুদিনৰ অন্তত দেওবাৰে সন্ধিয়া আয়োজন কৰিবলৈ ওলাইছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখনক লৈ স্থানীয় ৰাইজৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি হৈছে। গুৱাহাটীত সাধাৰণতে দুৰ্গাপূজাৰ দিনা প্ৰচুৰ জনসমাগম দেখা যায় যদিও ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত হোৱা টি-২০ খেলৰ বাবে পূজাত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

ভাৰতীয় আৰু দক্ষিণ আফ্ৰিকাৰ দল গুৱাহাটীলৈ অহাৰ পাছৰে পৰা ক্ৰিকেট অনুৰাগীসকলে ক্ৰিকেট ষ্টেডিয়ামৰ লগতে ক্ৰিকেট খেলুৱৈসকল থকা হোটেলখনৰ বাহিৰতো সমবেত হৈ আহিছে।

আজি সন্ধিয়া গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া টি-২০ খেলখনৰ বাবে আৰক্ষী আৰু প্ৰশাসনে সকলো সম্ভাৱ্য সুৰক্ষা ব্যৱস্থা কৰিছে।

বৰষাপাৰা ষ্টেডিয়ামলৈ যোৱা পথত বৃহৎ বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে। আনহাতে, দুপৰীয়াৰ পিছত সাধাৰণ বাহন চলোৱাও নিষিদ্ধ কৰা হ’ব। ষ্টেডিয়াম আৰু হোটেলখনৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। ষ্টেডিয়াম এলেকাত মোতায়েন কৰা হৈছে গধুৰ আৰক্ষী বাহিনী।

ক্ৰিকেটপ্ৰেমীৰে ভৰি পৰাৰ সম্ভাৱনা আছে ষ্টেডিয়ামখন। কাৰণ সকলো টিকট বিক্ৰী হৈ গৈছে। একে সময়তে একাংশ লোকে টিকট নোপোৱাৰ বাবে অনুৰাগীসকল হতাশ হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ/ অৰবিন্দ/মনোজ


 rajesh pande