পুটিনৰ পশ্চিমীয়া দেশসমূহক সমালোচনা-ভাৰত আৰু আফ্ৰিকা লুন্ঠনৰ অভিযোগ
মস্কো, ০১ অক্টোবৰ (হি.স.)। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে শুকুৰবাৰে ইউক্ৰেইনৰ সৈতে হোৱা যুদ্ধত
rusputin_1


মস্কো, ০১ অক্টোবৰ (হি.স.)। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে শুকুৰবাৰে ইউক্ৰেইনৰ সৈতে হোৱা যুদ্ধত জয়লাভ কৰা লুহানস্ক, ডোনেস্ক, খেৰছান আৰু জাপ’ৰিজিয়াৰ চাৰিটা অঞ্চলক নিজৰ অধীনলৈ আনে। ইয়াৰ লগে লগে ৰাছিয়াই এতিয়া ইউক্ৰেইনৰ ১৫ শতাংশ নিয়ন্ত্ৰণ কৰিছে। এই আনন্দত ক্ৰেমলিনত আয়োজন কৰা এক মহান কাৰ্যসূচীত পুটিনে পশ্চিমীয়া দেশসমূহক তীব্ৰভাৱে সমালোচনা কৰে। তেওঁ কয় যে এই দেশসমূহে ভাৰত আৰু আফ্ৰিকাৰ দৰে দেশক তীব্ৰভাৱে লুণ্ঠন কৰিছে।

ৰাষ্ট্ৰপতি পুটিনে কয়, এই দেশসমূহে দাস ব্যৱসায় কৰিছিল। আমেৰিকাৰ থলুৱা লোকসকলক হত্যা কৰা হৈছিল। ভাৰত আৰু আফ্ৰিকাৰ দৰে দেশ লুট কৰিছিল। ব্ৰিটেইন আৰু ফ্ৰান্সে চীনৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। দেশসমূহৰ নাগৰিকসকলক মদ্যপান, কানিৰ আসক্ৰ কৰিছিল। সমগ্ৰ জনক ইচ্ছাকৃতভাৱে উগ্ৰপন্থী সজাইছিল। মাটি-সম্পদ ৰক্ষাৰ বাবে জীৱ-জন্তুৰ দৰে মানুহক চিকাৰ কৰিছিল। এয়া মানুহৰ স্বভাৱ, সত্য, স্বাধীনতা আৰু ন্যায়ৰ বিৰুদ্ধে।

তেওঁ কয় যে পশ্চিমীয়া দেশসমূহে নিজৰ লাভৰ বাবে আন যিকোনো দেশত শাসক বিৰোধী আন্দোলনত ইন্ধন যোগায়। তাত থকা চৰকাৰ সমূহ উফৰাই পেলোৱাৰ চেলু বিচাৰি থাকে। এয়া বৰ দুৰ্ভাগ্য়জনক যে সত্য, স্বাধীনতা আৰু ন্যায়ৰ মূল্যত পশ্চিমীয়াই ভাৰতৰ দৰে দেশ লুণ্ঠন কৰিছে। মধ্যযুগীয় যুগত পশ্চিমীয়া দেশসমূহে ঔপনিৱেশিক নীতি আৰম্ভ কৰিছিল।

পুটিনৰ ভাষণৰ সময়ত জাপোৰিজিয়াৰ পৰা ভয়ংকৰ খবৰ আহিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শুকুৰবাৰে যেতিয়া ৰাছিয়াই জাপ’ৰিজিয়াক নিজৰ অংশ কৰি আছিল, তেতিয়া ইয়াৰ সৈন্যই চহৰখনত আক্ৰমণ চলাইছিল। ইউক্ৰেইন চৰকাৰৰ তথ্য অনুসৰি ৰাছিয়াৰ আক্ৰমণত ৩০ জন লোক নিহত হোৱাৰ লগতে ৮৮ জন আহত হৈছে। জাপোৰিজিয়াৰ আঞ্চলিক গৱৰ্ণৰ অলেক্সাণ্ডাৰ ষ্টাৰকে কয় যে ৰাছিয়াৰ নিয়ন্ত্ৰিত ভূখণ্ডৰ ফালে মানুহৰ কনভয় আগবাঢ়িছে। একে সময়তে ৰাছিয়াৰ বাহিনীয়ে আক্ৰমণ চলায়।

হিন্দুস্থান সমাচাৰ/ মুকুন্দ/ অৰৱিন্দ/মনোজ


 rajesh pande