নিউ জাপান প্ৰ' ৰেছলিঙৰ প্ৰতিষ্ঠাপক এণ্টনিঅ' ইনোকিৰ মৃত্যু
টকিঅ’, ০১ অক্টোবৰ (হি.স.)। নিউ জাপান প্ৰ’ ৰেছলিং (এনজেপিডব্লিউ)ৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন পেছাদাৰী ম
new japan pro wrestling_antonio inoki passes away_1


টকিঅ’, ০১ অক্টোবৰ (হি.স.)। নিউ জাপান প্ৰ’ ৰেছলিং (এনজেপিডব্লিউ)ৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন পেছাদাৰী মল্লযুঁজাৰু এণ্টনিঅ’ ইনোকিৰ ৭৯ বছৰ বয়সত মৃত্যু হৈছে।

এনজেপিডব্লিউৱে এক বিবৃতিত কয় যে, নতুন জাপান প্ৰ'-ৰেছলিঙৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন পেছাদাৰী মল্লযুঁজাৰু এণ্টনিঅ' ইনোকি (প্ৰকৃত নাম কাঞ্জি ইনোকি)ৰ ১ অক্টোবৰত টকিঅ'ত মৃত্যু হয়। ইনোকিয়ে চিষ্টেমিক ট্ৰেন্সথাইৰেটিন এমাইল'ইড'ছিছৰ সৈতে যুঁজি আছিল। ই হাজাৰৰ ভিতৰত এজনক আক্ৰান্ত কৰে বুলি কোৱা হৈছে। মৃত্য়ুৰ সময়ত তেখেতৰ বয়স আছিল ৭৯ বছৰ।

১৯৪৩ চনৰ ২০ ফেব্ৰুৱাৰীত কানাগাৱা প্ৰিফেকচাৰৰ যোকোহোমা চহৰত জন্মগ্ৰহণ কৰিছিল ইনোকি। ১৩ বছৰ বয়সত তেওঁ পৰিয়ালৰ সৈতে ব্ৰাজিললৈ গুচি যায় আৰু এখন কফি বাগিচাত কাম কৰে। ১৭ বছৰ বয়সতে টকিঅ’ৰ টাইটো ৱাৰ্ড জিমনেছিয়ামত নিজৰ প্ৰকৃত নামেৰে জাপানীজ পেছাদাৰী মল্লযুঁজৰ জগতখনত প্ৰৱেশ কৰিছিল। ১৯৬২ চনত তেওঁ নিজৰ নাম সলনি কৰি ‘এণ্টনিঅ’ ইনোকি’ কৰে।

জাপান প্ৰ’ ৰেছলিঙৰ সৈতে হোৱা বিবাদৰ পিছত তেওঁক বহিষ্কাৰ কৰাৰ পিছত তেওঁ নিউ জাপান প্ৰ’ ৰেছলিং প্ৰতিষ্ঠা কৰে, যিটো বৰ্তমান এই ক্ৰীড়াৰ হাৰ্ডকোৰ অনুৰাগীৰ মাজত এক অতি জনপ্ৰিয় মল্লযুঁজ খেল। তেওঁ প্ৰথম আইডব্লিউজিপি হেভিৱেট চেম্পিয়ন হিচাপে পৰিগণিত হয়। আজীৱন প্ৰতিদ্বন্দ্বী জায়েন্ট বাবাৰ অল জাপান প্ৰ’ ৰেছলিংৰ বিৰুদ্ধে তেওঁ ‘শক্তিশালী শৈলী’ৰ পোষকতা কৰাৰ লগতে চৰম মল্লযুঁজৰ প্ৰচাৰ কৰিছিল। জাপানী জগতত কেইবাখনো মেচৰ অংশ আছিল তেওঁ, যাৰ ফলত দেশখনত পেছাদাৰী মল্লযুঁজৰ উত্থান ঘটিছিল।

বছৰ বছৰ ধৰি এনজেপিডব্লিউ এছিয়াৰ অন্যতম সফল মল্লযুঁজ খেলত পৰিণত হৈছে। এনজেপিডব্লিউত ইনোকিয়ে শীৰ্ষস্থানীয় তাৰকা আছিল, কিছুমান শ্ৰেষ্ঠ মেচত ষ্টেন হেনচেন, টাইগাৰ জীট সিং আৰু হাল্ক হোগানৰ সৈতে মুখামুখি হৈছিল।

১৯৭৬ চনৰ ২৬ জুনত তেওঁ নিপ্পন বুডোকানত অনুষ্ঠিত হোৱা ফাইট অৱ দ্য চেঞ্চুৰীৰ অংশও আছিল, যিখন তদানীন্তন বক্সিং বিশ্ব হেভিৱেট চেম্পিয়ন মহম্মদ আলীৰ বিৰুদ্ধে মিক্স মাৰ্শ্বেল আৰ্টছৰ খেলখনে বিশ্বজুৰি চৰ্চা লাভ কৰিছিল।

১৯৯৫ চনত তেওঁ উত্তৰ কোৰিয়াৰ বিখ্যাত ৰিক ফেয়াৰত মল্লযুঁজ কৰিছিল। ১৯৯৮ চনৰ ৪ এপ্ৰিলত টকিঅ’ ড’মত অনুষ্ঠিত হোৱা তেওঁৰ অৱসৰৰ মেচখনে ৭০ হাজাৰৰো অধিক অনুৰাগীক আকৰ্ষণ কৰিছিল। ২০১০ চনত তেওঁক ৱৰ্ল্ড ৰেছলিং এণ্টাৰটেইনমেণ্ট (ডাব্লিউডাব্লিউই) হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হয়।

হিন্দুস্থান সমাচাৰ/ সুনীল /অৰৱিন্দ/মনোজ


 rajesh pande