ত্ৰিপুৰাত নিজৰ মাজতে সংঘটিত কাজিয়াত ২জন বিএচএফৰ জোৱান নিহত
ত্ৰিপুৰা, ২৪ ছেপ্টেম্বৰ(হি.স.)। ত্ৰিপুৰাৰ ভাৰত বাংলাদেশ সীমান্তত পহৰাৰত অৱস্থাত থকা সীমান্ত নিৰাপত্ত
ত্ৰিপুৰাত নিজৰ মাজতে সংঘটিত কাজিয়াত ২জন বিএচএফৰ জোৱান নিহত


ত্ৰিপুৰা, ২৪ ছেপ্টেম্বৰ(হি.স.)। ত্ৰিপুৰাৰ ভাৰত বাংলাদেশ সীমান্তত পহৰাৰত অৱস্থাত থকা সীমান্ত নিৰাপত্তা বাহিনী(বিএচএফ)ৰ দুগৰাকী জোৱান নিজৰ মাজত সংঘটিত গুলিচালনাৰ ঘটনাত নিহত হয় আৰু বাহিনীটোৰ এজন উপপৰিদৰ্শক আহত হয়।ঘটনাটো বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে।

ঘটনাটো ৰাজ্য খনৰ গোমাটি জিলাৰ শিলাচৰী অঞ্চলত সন্ধিয়া ৭ বজাত সংঘটিত হৈছে। নিহত জোৱান দুজনক হাবিলদাৰ শ্বহীদ সিং আৰু প্ৰতাপ সিং বুলি চিনাক্ত কৰা হৈছে। আহত উপ পৰিদৰ্শক গৰাকীক ৰাম কুমাৰ বুলি চিনাক্ত কৰা হৈছে।

কৰ্তব্য পালনৰ বিষয়ত বাহিনীটোৰ দুয়োগৰকী জোৱানৰ মাজত উত্তপ্ত বাকবিতণ্ডা হোৱাৰ মাজতে প্ৰতাপ সিঙে শ্বহীদ সিঙক গুলিয়াই থকা সৰকা কৰিছিল। গুলিৰ শব্দ শুনাপাই উপপৰিদৰ্শক ৰাম কুমাৰে প্ৰতাপ সিঙক শান্ত কৰিব চেষ্টা কৰিছিল, কিন্তু প্ৰতাপ সিঙেয়ে তেওঁকো গুলিয়াই আহত কৰিছিল। পিছত বাহিনীটোৰ অন্য জোৱান সকলে উপ পৰিদৰ্শক গৰাকীক বচাবলৈ প্ৰতাপ সিঙক গুলিয়াই নিহত কৰিছিল।

হিন্দুস্থান সমাচাৰ/ৰমেন/মনোজ


 rajesh pande