ভাৰতত মুঠ ৮৪,১৫,১৮,০২৬ জন লোকক কৰোনা টীকাকৰণ
নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ (হি.স.): ভাৰতত কৰোনা সংক্ৰমণ অব্যাহত আছে। সমান্তৰালকৈ কৰোনা টীকাকৰণো ব
কৰোনা টীকা


নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ (হি.স.): ভাৰতত কৰোনা সংক্ৰমণ অব্যাহত আছে। সমান্তৰালকৈ কৰোনা টীকাকৰণো বৃদ্ধি পাব ধৰিছে। বিগত ২৪ ঘন্টা(বৃহস্পতিবাৰ)ত দেশত ৭২,২০,৬৪২ টা কৰোনা টীকা প্ৰদান কৰা হৈছে। ইয়াৰ ফলত ভাৰতত আজি শুকুৰবাৰৰ পুৱা ৮ বজালৈ মুঠ কৰোনা টীকাকৰণ কৰা লোকৰ সংখ্যা ৮৪,১৫,১৮,০২৬ জনলৈ বৃদ্ধি পায়।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কয় যে শুকুৰবাৰে পুৱা ৮ বজালৈকে ভাৰতত মুঠ ৮৪,১৫,১৮,০২৬ জন লোকক কৰোনা-টীকা প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত ৬২,২৯,০২,৩৯৩ জনক প্ৰথম পালি তথা ২১,৮৬,১৫,৬৩৩ জনক দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে।

আনহাতে যোৱা ২৪ ঘণ্টা(বৃহস্পতিবাৰ)ত ৭২,২০,৬৪২ জন লোকক কোভিডৰ টীকাকৰণ কৰা হৈছে। ইয়াৰে ৪১,৯৯,৬১২ জনক প্ৰথম পালি তথা ৩০,২১,০৩০ জনক দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে।

হিন্দুস্থান সমাচাৰ/মনোজ/ অৰৱিন্দ


 rajesh pande