মহানগৰীৰ ভঙাগড়ত আত্মহত্যাৰ ঘটনা
গুৱাহাটী, ২৪ ছেপ্টেম্বৰ(হি.স.)। মহানগৰীৰ ভঙাগড়ত আজি এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে। ভঙাগ
মহানগৰীৰ ভঙাগড়ত আত্মহত্যাৰ ঘটনা


গুৱাহাটী, ২৪ ছেপ্টেম্বৰ(হি.স.)। মহানগৰীৰ ভঙাগড়ত আজি এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে। ভঙাগড়স্থিত পল্লৱী মটৰচৰ এগৰাকী কৰ্মচাৰীৰ মৃতদেহ আজি প্ৰতিষ্ঠানটোৰ বাথৰূমত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়।

এই ঘটনাৰ পিছত সমগ্ৰ অঞ্চলতে হুৱাদুৱা লাগে। আত্মহত্যা কৰা কৰ্মচাৰীজনৰ ঘৰ লক্ষীমপুৰত বুলি জানিব পৰা গৈছে। মৃত কৰ্মচাৰীজনৰ নাম বিদ্যুৎ বিকাশ দত্ত। ঘটনাৰ খবৰ লাভ কৰি আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইফালে এই ঘটনা আত্মহত্যাৰ নে এয়া কোনো হত্যাকাণ্ডৰ ঘটনা তাক লৈও একাংশই সন্দেহ প্ৰকাশ কৰিছে। লোকজনে নৱবিবাহিত পত্নীৰ সৈতে গুৱাহাটীৰে এটা ভাড়াঘৰত বাস কৰিছিল। এই ঘটনাই এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ/আলোক/মনোজ


 rajesh pande