৮১.৩৯ কোটিৰ অধিক কোভিড ১৯ প্ৰতিষেধক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ প্ৰেৰণ
দিল্লী, ২৪ ছেপ্টেম্বৰ(হি.স.)। কেন্দ্ৰীয় চৰকাৰে ৮১.৩৯ কোটিৰ অধিক কোভিড ১৯ প্ৰতিষেধক ৰাজ্য আৰু কেন্দ্
প্ৰতিষেধক


দিল্লী, ২৪ ছেপ্টেম্বৰ(হি.স.)। কেন্দ্ৰীয় চৰকাৰে ৮১.৩৯ কোটিৰ অধিক কোভিড ১৯ প্ৰতিষেধক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহলৈ প্ৰেৰণ কৰিছে আৰু আনুমানিক ৮৬ লাখ কোভিড প্ৰতিষেধক প্ৰেৰণ কৰিবলৈ সাজু ৰখা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে শুকুৰবাৰে এই বিষয়ে জাননী জাৰি কৰে।

মন্ত্ৰণালয়ে উল্লেখ কৰে যে, ৪,২৩,৪৩, ৭২ ০ কোটি অতিৰিক্ত আৰু অব্যৱহৃত কোভিড ১৯ প্ৰতিষেধক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহত বৰ্তমান উপলব্ধ আছে। এই কোভিড ১৯ প্ৰতিষেধক সমূহ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহক সম্পূৰ্ণ বিনামূলীয়া কৈ কেন্দ্ৰীয় চৰকাৰে যোগান ধৰিছে। কোভিড ১৯ প্ৰতিষেধকৰ সাৰ্বজনীনকৰণৰ শেহতীয়া স্তৰ অনুসৰি ভাৰতত উৎপাদিত প্ৰতিষেধক প্ৰস্ততকৰ্তা সকলৰ পৰা কেন্দ্ৰীয় চৰকাৰে ৭৫% প্ৰতিষেধক সংগ্ৰহ আৰু যোগান ধৰিব । ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহক এই প্ৰতিষেধক বিনামূলীয়া কৈ যোগান ধৰা হ’ব।

হিন্দুস্থান সমাচাৰ/ৰমেন/মনোজ


 rajesh pande