ডুমডুমাৰ চামডাং চাহ বাগিচাত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
তিনিচুকীয়া, ২৪ ছেপ্টেম্বৰ(হি স)। তিনিচুকীয়া জিলাৰ ডুমডুমাৰ চামডাং চাহ বাগিচাত নিশা এটা প্ৰকাণ্ড নাহৰ
ডুমডুমাৰ চামডাং চাহ বাগিচাত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ


তিনিচুকীয়া, ২৪ ছেপ্টেম্বৰ(হি স)। তিনিচুকীয়া জিলাৰ ডুমডুমাৰ চামডাং চাহ বাগিচাত নিশা এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয় । বাগিচাখনৰ মেচাইজান ২০ নম্বৰ চেকচনত বন বিভাগে স্থাপন কৰা পিঞ্জৰাত নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হয় ।

উল্লেখযোগ্য যে, বাগিচাখনত কেইবাটাও নাহৰফুটুকীয়ে বিগত বহু দিনৰ পৰা মুক্ত বিচৰণ কৰি বাগিচাখনত এক সন্ত্ৰাস সৃষ্টি কৰি আহিছে । যাৰ বাবে বাগিচাখনত পুনৰ পিঞ্জৰা স্থাপন কৰিবলৈ স্থানীয় লোকে বন বিভাগক আহ্বান জনাইছে ।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande