এতিয়াৰে পৰা ব্যৱহাৰ পৰীক্ষণ অবিহনে সেনাত চামিল কৰিব অগ্নি-৫ মিছাইল
- ভাৰতে আৰু নকৰে আন্তঃ মহাদেশীয় বেলিষ্টিক মিছাইল অগ্নি-৫ মিছাইলৰ ব্যৱহাৰকাৰী পৰীক্ষণ - ইতিমধ্যে 5,0
Missile Agni-5


- ভাৰতে আৰু নকৰে আন্তঃ মহাদেশীয় বেলিষ্টিক মিছাইল অগ্নি-৫ মিছাইলৰ ব্যৱহাৰকাৰী পৰীক্ষণ

- ইতিমধ্যে 5,000 কিলোমিটাৰতকৈ অধিক পৰিসৰৰ মিছাইলৰ সাতটা পৰীক্ষা সম্পন্ন

নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ (হি.স.)। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (ডিআৰডিঅ') আন্তঃ মহাদেশীয় বেলিষ্টিক মিছাইল (আইচিবিএম) অগ্নি-৫ৰ অধিক ব্যৱহাৰকাৰী পৰীক্ষণ অস্বীকাৰ কৰিছে। ভাৰতে ইতিমধ্যে ৫,০০০ কিলোমিটাৰ দূৰত্বৰ মিছাইলৰ সাতটা পৰীক্ষা সম্পন্ন কৰিছে, সেয়েহে ভাৰতে আৰু পাৰমাণৱিক সক্ষম মিছাইল পৰীক্ষা কৰাৰ পদক্ষেপ গ্ৰহণ কৰা নাই। মিছাইলটোৰ প্ৰথম ব্যৱহাৰকাৰী পৰীক্ষণ ২৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছিল, কিন্তু এদিনৰ অপেক্ষাৰ পিছত, ডিআৰডিঅ'ৰ মুৰব্বী জি সতীশ ৰেড্ডীয়ে নিশা পলমকৈ ব্যৱহাৰকাৰীৰ পৰীক্ষণ নকৰাকৈ অগ্নি-৫ক সেনা আৰু বায়ু সেনাত অন্তৰ্ভুক্ত কৰাৰ ইংগিত দিছে।

ডিআৰডিঅ'ৰ মুৰব্বী জি সতীশ ৰেড্ডীয়ে ০৯ ছেপ্টেম্বৰত ৰাজস্থানৰ জয়সালমেৰত এক কাৰ্যসূচীৰ সময়ত ভাৰতীয় বায়ু সেনাক মধ্যম দূৰত্বৰ পৃষ্ঠৰ পৰা বায়ুলৈ নিক্ষেপ কৰিব পৰা বৰাক-৮ মিছাইল প্ৰণালী(চিষ্টেম) (এমআৰএছএএম) হস্তান্তৰ কৰিছে। এই মিছাইলটোৱে ৫০-৭০ কিলোমিটাৰ দূৰত্বতে শত্ৰুৰ বিমানক ধ্বংস কৰাৰ ক্ষমতা আছে। এই প্ৰণালী ভাৰত আৰু ইজৰাইলৰ দ্বাৰা যুটীয়াভাৱে বিকশিত কৰা হৈছে আৰু ই ভাৰতীয় বায়ুসেনা(আইএএফ)ক ইয়াৰ যুঁজৰ ক্ষমতা বৃদ্ধি কৰাত আৰু শত্ৰুৰ বিমানৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিব। আকাশৰ পিছত এইটো দ্বিতীয় মিছাইল প্ৰতিৰক্ষা প্ৰণালী, যাক বায়ু সেনাত অন্তৰ্ভুক্ত কৰা হৈছে।

পাৰমাণৱিক সক্ষম আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল অগ্নি-৫ মিছাইলটোও প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ') আৰু ভাৰত ডাইনামিক্স লিমিটেড (বিডিএল)ৰ দ্বাৰা যুটীয়াভাৱে বিকশিত কৰা হৈছে। প্ৰথম ব্যৱহাৰকাৰী পৰীক্ষাটো ২৩ ছেপ্টেম্বৰত উৰিষ্যা উপকূলত অনুষ্ঠিত হোৱা বুলি জনা গৈছিল, কিন্তু দিনটোৰ অপেক্ষাৰ পিছত সেনাই ইয়াৰ প্ৰথম পৰীক্ষণ কৰা নাছিল। গভীৰ নিশা ডিআৰডিঅ'ৰ মুৰব্বী জি সতীশ ৰেড্ডীয়ে আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল অগ্নি-৫ৰ অধিক পৰীক্ষামূলক পৰীক্ষণ কৰিবলৈ অমান্তি হয়। তেওঁ কয় যে ভাৰতে ইতিমধ্যে ৫,০০০ কিলোমিটাৰতকৈও অধিক পৰিসৰৰ অগ্নি-৫ মিছাইলৰ সাতটা পৰীক্ষা সম্পন্ন কৰিছে। সেয়েহে, এতিয়া, ভাৰতে পাৰমাণৱিক সক্ষম মিছাইলৰ কোনো পৰীক্ষা কৰিব নিবিচাৰে। তেওঁৰ বিবৃতিয়ে ইংগিত দিয়ে যে অনাগত দিনত অগ্নি-৫ ক ব্যৱহাৰকাৰীৰ পৰীক্ষণ নকৰাকৈ শীঘ্ৰেই সেনা আৰু বায়ু সেনাত অন্তৰ্ভুক্ত কৰা হ'ব।

তেওঁ লগতে কয় যে অগ্নি-৫ৰ প্ৰথম সফল পৰীক্ষা ২০১২ চনৰ ১৯ এপ্ৰিল তাৰিখে অনুষ্ঠিত হৈছিল। দ্বিতীয় পৰীক্ষাটো ২০১৩ৰ ১৫ ছেপ্টেম্বৰত, তৃতীয় ২০১৫ চনৰ ৩১ জানুৱাৰীত, চতুৰ্থ পৰীক্ষা ২০১৬ চনৰ ২৬ ডিছেম্বৰত, পঞ্চম পৰীক্ষা ২০১৮ চনৰ ১৮ জানুৱাৰীত, ষষ্ঠ পৰীক্ষণ ২০১৮ চনৰ ৩ জুনত আৰু সপ্তমটো পৰীক্ষণ ২০১৮ চনৰেই ১০ ডিছেম্বৰত সম্পন্ন কৰা হৈছিল।

প্ৰথম দুটা অগ্নি-৫ পৰীক্ষণ ২০১২ আৰু ২০১৩ চনত মুকলি বিন্যাসত উৎক্ষেপণ কৰা হৈছিল। তৃতীয়, চতুৰ্থ আৰু পঞ্চম উৎক্ষেপণ এটা মোবাইল লঞ্চাৰৰ সৈতে একত্ৰিত কেনিষ্টাৰৰ পৰা কৰা হৈছিল, যিটোৱে মিছাইলটো মুকলি উৎক্ষেপণতকৈ কম সময়ত উৎক্ষেপণ কৰিবলৈ সমৰ্থ কৰে। ইয়াৰ পিছত ২০২০ চনত ব্যৱহাৰকাৰীৰ উৰণ পৰীক্ষা কৰা হৈছিল, কিন্তু কৰোনা মহামাৰীৰ বাবে কৰিব পৰা নগ'ল।

অগ্নি-৫ৰ ওজন প্ৰায় ৫০,০০০ কিলোগ্ৰাম। মিছাইলটো ১.৭৫ মিটাৰ দীঘল আৰু ব্যাস ২ মিটাৰ। কঠিন ইন্ধনৰ দ্বাৰা চালিত তিনি পৰ্যায়ৰ ৰকেট বুষ্টাৰটোত ১,৫০০ কিলোগ্ৰাম ওজনৰ বিস্ফোৰক(ৱাৰহেড) ৰখা হ'ব। শব্দৰ গতিতকৈ ২৪ গুণ দ্ৰুত গতিসম্পন্ন আইচিবিএমটোৱে ইয়াৰ দ্ৰুততম গতিত প্ৰতি ছেকেণ্ডত ৮.১৬ কিলোমিটাৰ তথা প্ৰতি ঘণ্টাত ২৯,৪০১ কিলোমিটাৰ উচ্চ গতি লাভ কৰিব। মিছাইল ৰিং লেজাৰ জাইৰোস্কোপটো ইনাৰ্চিয়েল নেভিগেশ্বন চিষ্টেম (এনএভিআইচি)ৰ সৈতে সজ্জিত যি উপগ্ৰহ নিৰ্দেশনাৰ সৈতে কাম কৰে।

অগ্নি-৫ মিছাইলৰ ব্যৱহাৰ অতি সহজ। ইয়াক যিকোনো স্থান, ৰেল, পথ বা বায়ু ব্যৱহাৰ কৰিব পাৰি। উৎক্ষেপণৰ পিছত, যেতিয়া মিছাইলটো পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে, ইয়াৰ তাপমাত্ৰা ৪,০০০ ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰে। অৱশ্যে, স্বদেশীভাৱে ডিজাইন কৰা আৰু বিকশিত তাপ আৱৰণে আভ্যন্তৰীণ তাপমাত্ৰা ৫০ ডিগ্ৰী চেলচিয়াছতকৈ কম ৰাখে।

হিন্দুস্থান সমাচাৰ/সুনীতঅৰবিন্দ/মনোজ


 rajesh pande