নৱেম্বৰ ২০২২ৰ ভিতৰত সাজু হ'ব অৰুণাচল প্ৰদেশত প্ৰথম গ্ৰীনফিল্ড বিমানবন্দৰ
নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ(হি.স.)। কেন্দ্ৰীয় চৰকাৰে নৱেম্বৰ, ২০২২ৰ ভিতৰত অৰুণাচল প্ৰদেশৰ প্ৰথমখন গ্ৰ
অৰুণাচল প্ৰদেশৰ প্ৰথম গ্ৰীনফিল্ড বিমানবন্দৰ 


নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ(হি.স.)। কেন্দ্ৰীয় চৰকাৰে নৱেম্বৰ, ২০২২ৰ ভিতৰত অৰুণাচল প্ৰদেশৰ প্ৰথমখন গ্ৰীণফিল্ড বিমানবন্দৰ প্ৰকল্প সাজু কৰি তুলিব। মোডী চৰকাৰে এভিয়েশ্বন ৰিফৰ্ম প্ৰকল্প আৰম্ভ কৰিছে। ইয়াৰ অধিনত দেশৰ বিভিন্ন স্থানত ৬টা হেলিপৰ্ট সহ ৫টা বিমানবন্দৰ আৰু ৫০টা বায়ু পথ নিৰ্মাণ কৰিব।

এই প্ৰকল্পৰ অধিনত মহাৰাষ্ট্ৰৰ সিন্ধুদুৰ্গ আৰু গোন্ধিয়া জিলা দুখনক অন্তৰ্ভুক্ত কৰা হৈছে। এই বিমানবন্দৰ নিৰ্মাণত চৰকাৰে সন্মুখীন হোৱা প্ৰধান বাধা হৈছে ভুমি অধিগ্ৰহণ। এই একে কাৰণে দেশৰ অগণন উন্নয়ন প্ৰকল্প সময় অনুসৰি সম্পূৰ্ণ হোৱা নাই। কিন্তু চৰকাৰে বিচাৰিলে অসম্ভৱ বুলি কোনো কথা নাই। ইয়াৰ উল্লেখযোগ্য উদাহৰণ হ''ল অৰুণাচল প্ৰদেশৰ হলোংগিত নিৰ্মাণৰত গ্ৰীনফিল্ড বিমানবন্দৰ।

ভাৰতীয় বিমানবন্দৰ অথৰিটী এই বিমানবন্দৰ নৱেম্বৰ ,২০২২ ৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে। লেণ্ড মেনেজমেণ্ট বিভাগৰ সচিব এচ. কে.জৈনে এই বিষয়ে সংবাদ মাধ্যমক অবগত কৰে।

হিন্দুস্থান সমাচাৰ/ৰমেন/মনোজ


 rajesh pande