পেঙেৰিত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দৰ লগতে পাঁচজনক আটক
তিনিচুকীয়া, ২৪ ছেপ্টেম্বৰ (হি.স)। অসমত নিচাজাতীয় সামগ্ৰীৰ অবৈধ সৰবৰাহ বন্ধ কৰিবলৈ ইতিমধ্য়ে কঠোৰ নিৰ্
সুৰা


তিনিচুকীয়া, ২৪ ছেপ্টেম্বৰ (হি.স)। অসমত নিচাজাতীয় সামগ্ৰীৰ অবৈধ সৰবৰাহ বন্ধ কৰিবলৈ ইতিমধ্য়ে কঠোৰ নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ সমান্তৰালকৈ তৎপৰ হৈছে অসম আৰক্ষীয়ো ৷ কিন্তু ইয়াৰ পিছতো প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ হৈছে বৃহৎ বৃহৎ পৰিমাণৰ অবৈধ নিচাজাতীয় সামগ্ৰী ৷ ইয়াৰ মাজতে পেঙেৰি আৰক্ষী থানাৰ অন্তৰ্গত কঠালগুৰিৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমানৰ অবৈধ অৰুণাচলী সুৰা ৷

আৱকাৰী বিভাগৰ লগতে আৰক্ষীয়েও অব্যাহত ৰাখিছে অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান। বৰডুমচা আৰক্ষী আৰু পেঙেৰি আৰক্ষীৰ কেইবাঘণ্টা যোৰা যুটীয়া অভিয়ানত চলাই বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা সহ পাঁচজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে । আটকাধীন ব্যক্তি কেইজনক ক্ৰমে তনয় নেৱাৰ, মিণ্টু নেৱাৰ, ৰূপত গুৰুং, পাপু গগৈ আৰু চিবু নেৱাৰ বুলি জানিব পৰা গৈছে।

উল্লেখ্য় যে অৰুণাচল, বৰডুমচাৰ পৰা পেঙেৰি ৰাষ্ট্ৰীয় ঘাইপথেৰে পেঙেৰি ডিগবৈৰ অভিমুখী গৈ থকা অৱস্থাত এ.এচ ০৬ আৰ ০৬১৭ , এ.এচ ২৩ এক্স ৬৯০৫, এ.এচ ০৬ এল ৮৮০২ নম্বৰৰ তিনি খনৰ গাড়ীৰ পৰা বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা উদ্ধাৰ কৰে। অৰুণাচলৰ প্ৰদেশৰ পৰা পেঙেৰি ডিগবৈৰ অভিমুখী এই গাড়ী কেইখনৰ পৰা অবৈধ অৰুণাচলী সুৰা সৰবৰাহ কৰাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে ৷ উক্ত তথ্যৰ ভিত্তিতে অভিযান চলাই সুৰা সমূহ জব্দ কৰে আৰক্ষীৰ দলটোৱে।

ইফালে জব্দ কৰা গাড়ী কেইখনৰ পৰা বিভিন্ন বেণ্ডৰ ২০০ কাৰ্টুন অৰুণাচলী সুৰা জব্দ কৰা হৈছে বুলি জনাইছে আৰক্ষীয়ে। অভিযানৰ সময়ত পেঙেৰি আৰক্ষীক বিশেষ ভাৱে সহযোগ কৰে বৰডুমচা আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ/নাৰায়ণ/মনোজ


 rajesh pande