ডিজেল প্ৰতি লিটাৰত ২০ পইচা বৃদ্ধি, পেট্ৰ'লৰ মূল্য স্থিৰ
-আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য ৭৭ ডলাৰ অতিক্ৰম নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ (হি.স.)। আন্তৰ্জাতিক
petrol1


-আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য ৭৭ ডলাৰ অতিক্ৰম

নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ (হি.স.)। আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ প্ৰভাৱ ঘৰুৱা বজাৰতো দেখা গৈছে। ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীবোৰে ১৮ দিনৰ স্থিৰতাৰ পিছত ডিজেলৰ মূল্য প্ৰতি লিটাৰত ২০ পইচা বৃদ্ধি কৰিছে। অৱশ্যে, তেল কোম্পানীবোৰে পেট্ৰ'লৰ মূল্য সলনি কৰা নাই। এই বৃদ্ধিৰ সৈতে, শুক্ৰবাৰে দিল্লীত পেট্ৰ'ল প্ৰতি লিটাৰত ১০১.১৯ টকাত আছিল, আনহাতে ডিজেল প্ৰতি লিটাৰত ২০ পইচা বৃদ্ধি হৈ ৮৮.৮২ টকা লৈ বৃদ্ধি পাইছিল।

দেশৰ অন্যান্য মহানগৰ, মুম্বাই, চেন্নাই আৰু কলকাতাত পেট্ৰ'লৰ মূল্য ক্ৰমান্বয়ে ১০৭.২৬ টকা, ৯৮.৯৬ টকা আৰু ১০১.৬২ টকা প্ৰতি লিটাৰত স্থিৰ হৈ আছিল। ডিজেল প্ৰতি লিটাৰত ক্ৰমান্বয়ে ৯৬.৪১ টকা, ৯৩.৪৬ টকা আৰু ৯১.৯২ টকালৈ বৃদ্ধি পাইছে। তদুপৰি,নয়ডাত পেট্ৰ'ল প্ৰতি লিটাৰত ৯৮.৫২ টকাত বিক্ৰী হৈ থকাৰ বিপৰীতে ডিজেল প্ৰতি লিটাৰত হয়গৈ ৮৯.৪২ টকা। গুৱাহাটীত আজি প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলৰ দৰ হৈছে ক্ৰমে ৯৭.০৫ টকা আৰু ৮৮.২৩ টকা

উল্লেখ্য যে এই মাহত তেল কোম্পানীবোৰে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩০ পইচাকৈ হ্ৰাস কৰাৰ বিপৰীতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৫০ পইচা হ্ৰাস কৰিছিল।

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় বজাৰত চাহিদা বৃদ্ধি হোৱাৰ লগে লগে পেট্ৰ'লিয়াম সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ আছে। সেইকাৰণে ব্ৰেণ্ট ক্ৰুডে আগদিনা প্ৰতি বেৰেলত ৭৭ ডলাৰ অতিক্ৰম কৰিছিল। যোৱা জুলাইৰ পৰা এইটো সৰ্বোচ্চ স্তৰ। কালি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বজাৰত ব্যৱসায়ৰ সমাপ্তিত ব্ৰেণ্ট ক্ৰুড প্ৰতি বেৰেলত ৭৭.২৫ ডলাৰত বন্ধ হৈছিল, যি আগৰ দিনৰ তুলনাত ১.০৬ ডলাৰ অধিক। ডব্লিউটিআই ক্ৰুডও ০১.০৭ ডলাৰ বৃদ্ধি হৈ প্ৰতি বেৰেলত ৭৩.৩০ ডলাৰত বন্ধ হৈছে।

হিন্দুস্থান সমাচাৰ/প্ৰেজেশ শংকৰ / অৰৱিন্দ/মনোজ


 rajesh pande