মেঘালয়ত নতুনকৈ ১৮৪ জন কৰোনা সংক্ৰমিত ৰোগী চিনাক্ত, মৃত ৩
শ্বিলং, ২৪ ছেপ্টেম্বৰ (হি.স.)ঃ দেশৰ অন্যান্য প্ৰান্তৰ দৰে উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয়তো কৰোনা ৰোগৰ স
মেঘালয়ত নতুনকৈ ১৮৪ জন কৰোনা সংক্ৰমিত ৰোগী চিনাক্ত, মৃত ৩


শ্বিলং, ২৪ ছেপ্টেম্বৰ (হি.স.)ঃ দেশৰ অন্যান্য প্ৰান্তৰ দৰে উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয়তো কৰোনা ৰোগৰ সংক্ৰমণ অব্যাহত আছে। আজি শুকুৰবাৰে ৰাজ্যখনত কৰোনা ভাইৰাছত নতুনকৈ ১৮৪ জন লোক আক্ৰান্ত হোৱাটো পোহৰলৈ আহে। ইয়াৰ ফলত ৰাজ্যখনত কৰোনা সংক্ৰমিত ৰোগীৰ সংখ্যা হৈছে ৮০,৪৩০ জন।

ইফালে মেঘালয়ত এতিয়ালৈকে ৭৭,০৫১ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে। আজি ১৫৯ গৰাকী কৰোনা আক্ৰান্তই আৰোগ্য লাভ কৰে। ইয়াৰ বিপৰীতে ১,৯৯০ জন কৰোনা আক্ৰান্ত ব্যক্তি বিভিন্ন হাস্পতালত চিকিৎসাধীন হৈ আছে । ৰাজ্যখনত এতিয়ালৈকে ১,৩৮৯ জন কৰোনা আক্ৰান্ত মৃত্যুমুখত পৰিছে। আজি তিনিগৰাকী কৰোনা আক্ৰান্তৰ মৃত্যু হয়।

মেঘালয়ত এতিয়ালৈকে ১০,৫৫,৫৪৮ টা কৰোনা নমুনা পৰীক্ষা কৰা হৈছে। ইয়াৰ ভিতৰত শেহতীয়াকৈ ৩,৭৮০ টা নমুনা পৰীক্ষা কৰা হয়।

হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ


 rajesh pande