দেশত নতুনকৈ কৰোনা সংক্ৰমিত ৩১,৩৮২ জন, মৃত ৩১৮ জন
- আৰোগ্যৰ হাৰ ৯৭.৭৭ শতাংশ নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ (হি.স.)। ভাৰতত কোভিড-১৯(কৰোনা) ভাইৰাছৰ সংক্ৰম
কৰোনা


- আৰোগ্যৰ হাৰ ৯৭.৭৭ শতাংশ

নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ (হি.স.)। ভাৰতত কোভিড-১৯(কৰোনা) ভাইৰাছৰ সংক্ৰমণ অব্যাহত আছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্যমতে ভাৰতত বিগত ২৪ ঘন্টাত কৰোনা ভাইৰাছত নতুনকৈ ৩১,৩৮২ জন লোক আক্ৰান্ত হৈছে। ইফালে ভাৰতত কৰোনা ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে ৩.২৮ কোটিৰো অধিক আক্ৰান্তই। ভাৰতত কৰোনা আক্ৰান্তৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৭.৭৮ শতাংশ হৈছেগৈ।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা সদৰি কৰা অনুসৰি আজি শুকুৰবাৰে পুৱা ৮ বজা পৰ্যন্ত সমগ্ৰ ভাৰতত কৰোনা আক্ৰান্তৰ সংখ্যা ৩,৩৫,৯৪,৮০৩ জন হয়গৈ। ইয়াৰ ভিতৰত বিগত ২৪ ঘন্টাত ভাৰতত কৰোনাত ৩১,৩৮২ জন লোক নতুনকৈ আক্ৰান্ত হয়। আনহাতে এই সময়ছোৱাত সুস্থ হয় ৩২,৫৪২ জন। ইতিমধ্যে ভাৰতত কৰোনা সংক্ৰমিত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৪৬,৩৬৮ জনলৈ বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা আজি পুৱা সদৰি কৰা তথ্যমতে ভাৰতত বিগত ২৪ ঘন্টাত ৩১,৩৮২ জন লোক আক্ৰান্ত হয়। আনহাতে এই সময়ছোৱাত মৃত্যু হয় ৩১৮ জন লোকৰ। ইফালে সমগ্ৰ দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ৩,০০,৬১২ জন। বিগত ২৪ ঘন্টাত ১,৪৭৮ জন সক্ৰিয় ৰোগী হ্ৰাস পায়। ভাৰতত কৰোনা পজিটিভৰ ভিতৰত ১১১ জন বিদেশী নাগৰিকো আছে। সুখৰ কথা যে এতিয়ালৈকে ভাৰতত সুস্থ হৈ উঠিছে ৩,২৮,৪৮,২৭৩ জন লোক। ইয়াৰ লগে লগে ভাৰতত কৰোনা ৰোগৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৭.৭৮ শতাংশ হয়গৈ।

উল্লেখ্য যে যোৱা বছৰৰ ৭ আগষ্টত দেশত কৰোনা সংক্ৰমিত লোকৰ সংখ্যা ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ আৰু ৫ ছেপ্টেম্বৰত ৪০ লাখলৈ বৃদ্ধি পাইছিল। আনহাতে, ১৬ ছেপ্টেম্বৰত সংক্ৰমণৰ মুঠ ঘটনা ৫০ লাখ, ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ আৰু ২০ নৱেম্বৰত ৯০ লাখ সংক্ৰমণৰ সংখ্যা অতিক্ৰম কৰে। একেদৰে দেশত, ১৯ ডিচেম্বৰত এই সংক্ৰমণৰ পৰিসংখ্যা এক কোটি অতিক্ৰম কৰিছিল। ইয়াৰ উপৰি চলিত বছৰৰ ৪ মে'ত ২ কোটি আৰু ২৩ জুন কৰোনা সংক্ৰমিত ৰোগীৰ সংখ্যা ৩ কোটি অতিক্ৰম কৰিছিল।

বিগত ২৪ ঘন্টাত নতুন সংক্ৰমণ-৩১,৩৮২ জন

বিগত ২৪ ঘন্টাত মুঠ আৰোগ্য ৩২,৫৪২ জন

বিগত ২৪ ঘন্টাত মুঠ মৃত্যু- ৩১৮ জন

দেশত মুঠ কৰোনা সংক্ৰমিত- ৩,৩৫,৯৪,৮০৩ জন

দেশত আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা-৩,২৮,৪৮,২৭৩ জন(৯৭.৭৮%)

দেশত কৰোনাত মৃত মুঠ ৰোগীৰ সংখ্যা-৪,৪৬,৩৬৮ জন(১.৩৩%)

ভাৰতত বৰ্তমান কৰোনাৰ মুঠ সক্ৰিয় ৰোগী- ৩,০০,৬১২ জন(০.৮৯%)

মুঠ কৰোনা টীকাকৰণ-৮৪,১৫,১৮,০২৬ জন

ভাৰতত কৰোনাৰ মুঠ নমুনা পৰীক্ষণ-৫৫,৯৯,৩২,৭০৯ টা।

হিন্দুস্থান সমাচাৰ/মনোজ/ অৰৱিন্দ


 rajesh pande