বিলাসীপাৰাত ছাত্ৰ মুক্তিৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ
ধুবুৰী, ২৪ ছেপ্টেম্বৰ (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰা গান্ধী চকত ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম
বিলাসীপাৰাত ছাত্ৰ মুক্তিৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ


ধুবুৰী, ২৪ ছেপ্টেম্বৰ (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰা গান্ধী চকত ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আজি ৰাতিপুৱা ১১.৩০ বজাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে। যোৱা কালি ছিপাঝাৰ ঢলপুৰ গৰু কুটি গাঁৱত উচ্ছেদৰ নামত পুলিচ প্ৰশাসনে সাধাৰণ লোকক গুলীয়াই হত্যা কৰা ও বৰ্বৰতা কাণ্ডক আৰু দৰং জিলাৰ ফটোগ্ৰাফাৰ বিৰুদ্ধে ধুবুৰী জিলা ছাত্ৰ মুক্তিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

ছিপাঝাৰৰ উক্ত বৰ্বৰতা কাণ্ডত অসমৰ গৃহ বিভাগত দায়িত্ব থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হুচিয়াৰ, বিজেপি চৰকাৰ গ, বেক আদি প্ৰতিধ্বনিৰে ধুবুৰী জিলা ছাত্ৰ মুক্তিৰ কাৰ্য্যকৰ্তা সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। লগতে এনে অমানৱীয় উচ্ছেদ অভিযান ও বৰ্বৰতা কাণ্ড বন্ধ কৰিবলৈ অসম চৰকাৰক আহ্বান জনায় ধুবুৰী জিলা ছাত্ৰ মুক্তিয়ে। অন্যথা সমগ্ৰ অসম জুৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি অসম চৰকাৰক সকিয়াই দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande