ফটোগ্ৰাফাৰ বিজয় বণিয়াক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ
গুৱাহাটী, ২৪ ছেপ্টেম্বৰ(হি.স.)। মুমুৰ্ষ প্ৰতিবাদকাৰীক আক্ৰমণ কৰি বৰ্বৰতা প্ৰদৰ্শন কৰা ফটোগ্ৰাফাৰ বি
ফটোগ্ৰাফাৰ বিজয় বণিয়াক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ


গুৱাহাটী, ২৪ ছেপ্টেম্বৰ(হি.স.)। মুমুৰ্ষ প্ৰতিবাদকাৰীক আক্ৰমণ কৰি বৰ্বৰতা প্ৰদৰ্শন কৰা ফটোগ্ৰাফাৰ বিজয় বণিয়াক আজি আদালতত হাজিৰ কৰায় চি আই ডিয়ে। আদালতে বিজয় বণিয়াক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

চিআইডিয়ে জিম্মাত নিবিচৰাত আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰে যুৱকজনক। চিআইডিয়ে ইতিমধ্যে যুৱকজনৰ বিৰুদ্ধে ৰুজু কৰিছে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৭ আৰু ৩৫৩ ধাৰাৰ অধীনত ৮/২০২১ নম্বৰৰ গোচৰ। হত্যাৰ উদ্দেশ্যত উদ্যোগ আৰু কৰ্তব্যৰত আৰক্ষীক কামত বাধা প্ৰদানৰ অভিযোগত ৰুজু কৰা হৈছে গোচৰ। এই ধাৰা জামিনযোগ্য নহয়।

উল্লেখ্য যে ফটোগ্ৰাফাৰজনে দৰং জিলাৰ ঢলপুৰত এজন মুমুৰ্ষ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধাৰ পিছতো বাৰম্বাৰ আক্ৰমণ কৰিবলৈ উদ্যত হৈ পিছত আক্ৰমণ কৰিছিল। এই ভিডিঅ ভাইৰেল হৈ পৰাৰ পিছত এই বৰ্বৰতাক সকলোৱে ধিক্কাৰ দিছিল।

হিন্দুস্থান সমাচাৰ/আলোক/মনোজ


 rajesh pande