পন্তৰ অধিনায়কত্বৰ প্ৰশংসা দিল্লী কেপিটেলছৰ বেটছমেন শ্ৰেয়াছ আয়াৰৰ
আবু ধাবি, ২৩ ছেপ্টেম্বৰ (হি.স.)। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ কৰাৰ পিছত দিল্লী ক
Shreyansh Iyar-Pant


আবু ধাবি, ২৩ ছেপ্টেম্বৰ (হি.স.)। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ কৰাৰ পিছত দিল্লী কেপিটেলছৰ বেটছমেন শ্ৰেয়াছ আয়াৰে দলটোৰ অধিনায়ক ঋষভ পন্তৰ অধিনায়কত্বৰ ভূয়সী প্ৰশংসা কৰিছে। দিল্লীৰ প্ৰাক্তন অধিনায়কজনে কয়, "ঋষভে দলটোক সৰ্বশ্ৰেষ্ঠ উপায়েৰে নেতৃত্ব দি আছে। পণ্টে এই ছিজনৰ আৰম্ভণিৰ পৰা দিল্লী কেপিটেলছ দলটো খুব ভালদৰে চম্ভালিছে। মোৰ লক্ষ্য হৈছে দলটোক বিজয়ৰ দিশে লৈ যোৱা।''

উল্লেখ্য় যে আয়াৰ আঘাতপ্ৰাপ্ত হোৱাৰ পিছত পন্তক দিল্লী ৰাজধানীৰ অধিনায়কত্ব দিয়া হৈছিল। আয়াৰে পণ্ট অধিনায়ক হৈ থকাৰ সন্দৰ্ভত কয় যে, "পণ্টৰ কাম সুন্দৰ আৰু সেয়েহে মেনেজমেন্টে পণ্টক দল গোটেই ছিজনৰ বাবে দলৰ কমাণ্ড দিয়া হৈছিল। অধিনায়কত্বৰ ক্ষেত্ৰত, দল পৰিচালনাৰ এই সিদ্ধান্তক মই সম্পূৰ্ণ সন্মান জনাইছো। ''

স্মৰ্তবিক যে ২০১৮ চনত গৌতম গম্ভীৰে আই পি এলৰ মাজভাগত দিল্লীৰ অধিনায়কত্ব ত্যাগ কৰাৰ পিছত আয়াৰক অধিনায়ক বনোৱা হৈছিল। আয়াৰৰ অধিনায়কত্বত, দিল্লী কেপিটেলছে ২০১৯ চনত প্লে অফত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল, আনহাতে ২০২০ চনত দলটোৱে প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছিল।

অৱশ্যে, এই বছৰ ইংলেণ্ডৰ বিৰুদ্ধে সীমিত অভাৰৰ শৃংখলাত আয়াৰে কান্ধত আঘাতপ্ৰাপ্ত হৈছিল, যাৰ ফলত আয়াৰ চাৰি মাহৰ বাবে দলৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হৈছিল আৰু দিল্লী কেপিটেলছে পন্তক অধিনায়ক হিচাপে নিযুক্তি দিছিল।

হিন্দুস্থান সমাচাৰ/ সুনীল/ অৰৱিন্দ/মনোজ


 rajesh pande