নিচা জাতীয় দ্ৰব্য ব্যৱহাৰ কৰি চুৰে লুটি নিলে লক্ষাধিক টকা
মৰিগাঁও, ২৩ ছেপ্টেম্বৰ (হি.স.):জাগীৰোডত দিনক দিনে বৃদ্ধি পাই আহিছে চোৰৰ উপদ্ৰৱ ৷ আজি পুৱতি নিশা জা
নিচা জাতীয় দ্ৰব্য ব্যৱহাৰ কৰি চুৰে লুটি নিলে লক্ষাধিক টকা


মৰিগাঁও, ২৩ ছেপ্টেম্বৰ (হি.স.):জাগীৰোডত দিনক দিনে বৃদ্ধি পাই আহিছে চোৰৰ উপদ্ৰৱ ৷ আজি পুৱতি নিশা জাগীৰোডৰ কনাবড়ী গাঁৱত সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা ৷ দুৱাৰৰ তলা ভাঙি ৰত্নদ্বীপ নেওগ নামৰ এজন লোকৰ ঘৰত প্ৰৱেশ কৰে চোৰ ৷ কোনো নিচাজাতীয় সামগ্ৰীৰে গৃহস্থক অচেতন কৰি চোৰে লুটি নিয়ে সোণৰ আ-অলংকাৰৰ লগতে নগদ প্ৰায় ৭০ হাজাৰ টকা আৰু এটা মোবাইল ফোন ৷ পুৱা গৃহস্থৰ চেতনা ঘূৰি অহাত চকুত পৰে চুৰিকাণ্ডৰ ঘটনা ৷ এই সন্দৰ্ভত জাগীৰোড আৰক্ষীক অৱগত কৰিছে লোকজনে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande