নিউয়ৰ্কত জি-৪ দেশৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠক
- নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ ওপৰত জোৰ নতুন দিল্লী, ২৩ ছেপ্টেম্বৰ (হি.স.)। ভাৰত, ব্ৰাজিল, জাৰ্মানী আৰ
জি-৪ দেশৰ বৈদেশিক মন্ত্ৰী


- নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ ওপৰত জোৰ

নতুন দিল্লী, ২৩ ছেপ্টেম্বৰ (হি.স.)। ভাৰত, ব্ৰাজিল, জাৰ্মানী আৰু জাপান(জি-৪ দেশ)ৰ বৈদেশিক মন্ত্ৰীসকলে বুধবাৰে নিউয়ৰ্কত মিলিত হয় আৰু নিৰাপত্তা পৰিষদত সংস্কাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ব্ৰাজিলৰ বৈদেশিক মন্ত্ৰী কাৰ্লোছ আলবাৰ্টো ফ্ৰাঙ্কো ফ্ৰাংকা, জাৰ্মান বৈদেশিক মন্ত্ৰী হেইকো মাছ, ভাৰতৰ বৈদেশিক মন্ত্ৰী ড০ সুব্ৰমনিয়াম জয়শংকৰ আৰু জাপানৰ বৈদেশিক মন্ত্ৰী মটেগি তোশিমিৎচুৱে নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৬ তম অধিৱেশনৰ সময়ত মিলিত হয়।

এই সুযোগতে মন্ত্ৰীসকলে উন্নয়নশীল দেশ আৰু সমসাময়িক বিশ্বৰ বাস্তৱতাক প্ৰতিফলিত কৰি নিৰাপত্তা পৰিষদক অধিক বৈধ, কাৰ্যকৰী আৰু প্ৰতিনিধিত্বমূলক কৰি তুলিবলৈ সংস্কাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে লগতে নতুন নিৰাপত্তা পৰিষদত নতুন স্থায়ী সদস্যৰ আকাংক্ষা হিচাপে ইজনে সিজনৰ প্ৰাৰ্থিত্বৰ প্ৰতি তেওঁৰ সমৰ্থনৰ কথাও দোহাৰে।

জি-৪ যুটীয়া বিবৃতিত কোৱা হৈছে যে মন্ত্ৰীসকলে পুনৰ কয় যে নিৰাপত্তা পৰিষদত স্থায়ী আৰু অস্থায়ী আসন সম্প্ৰসাৰণৰ জৰিয়তে সংস্কাৰ অপৰিহাৰ্য। ই নিৰাপত্তা পৰিষদক আন্তঃৰাষ্ট্ৰীয় শান্তি বজাই ৰখাৰ বাবে জটিল আৰু উদীয়মান প্ৰত্যাহ্বানৰ সৈতে সদায় ভালদৰে মোকাবিলা কৰিবলৈ সক্ষম কৰিব। এই সন্দৰ্ভত মন্ত্ৰীসকলে এজুলভিনি সন্মতি আৰু চিৰতে ঘোষণা পত্ৰত সন্নিবিষ্ট উমৈহতীয়া আফ্ৰিকান স্থিতিৰ (চিএপি) প্ৰতি তেওঁলোকৰ শক্তিশালী সমৰ্থন ব্যক্ত কৰে।

জি-৪ মন্ত্ৰীসকলে সাধাৰণ সভাত গ্ৰহণৰ লক্ষ্যৰে দস্তাবেজ আধাৰিত আন্তঃচৰকাৰী আলোচনাত পলম নকৰাকৈ লিখিত আলোচনা আৰম্ভ কৰাৰ দিশত কাম কৰাৰ সংকল্প ব্যক্ত কৰে।

হিন্দুস্থান সমাচাৰ/অনুপ/মনোজ


 rajesh pande