ৰাষ্ট্ৰীয় বক্সিঙত অসমৰ শিৱ থাপাৰ সোণৰ পদক অৰ্জন
কৰ্ণাটক, ২১ ছেপ্টেম্বৰ(হি.স.)। কৰ্ণাটকৰ বিল্লেৰিত অনুষ্ঠিত ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত অসমৰ বক্সাৰ
শিৱ থাপাৰ সোণৰ পদক অৰ্জন


কৰ্ণাটক, ২১ ছেপ্টেম্বৰ(হি.স.)। কৰ্ণাটকৰ বিল্লেৰিত অনুষ্ঠিত ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত অসমৰ বক্সাৰ শিৱ থাপাই সোণৰ পদক অৰ্জন কৰিছে। শিৱই ৬৩।৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত চাৰ্ভিচেজৰ দলবীৰ সিং টোমৰক ৫-০ ব্যৱধানত পৰাজিত কৰে। অসমৰ বক্সাৰ গৰাকীয়ে তেওঁৰ অপুৰ্ব ভৰিৰ খোপনি আৰু শক্তিশালী পাঞ্চৰ জৰিয়তে প্ৰতিপক্ষক ধৰাশায়ী কৰে।

আজিৰ জয়ৰ জৰিয়তে শিৱ থাপাই ২৬ অক্টোবৰৰ পৰা ৬ নৱেম্বৰলৈ চাৰ্বিয়াৰ বেলগ্ৰেডত অনুষ্ঠিত হ’ব লগা আইবা বিশ্ব বক্সিং প্ৰতিযোগিতাত খেলাৰ যোগ্যতা অৰ্জন কৰিছে। উল্লেখযোগ্য যে শিৱ থাপাই ইয়াৰ পুৰ্বে ২০১২ চনৰ লণ্ডন আৰু ২০১৬ চনৰ ৰিও অলিম্পিক গেমচত খেলাৰ যোগ্যতা অৰ্জন কৰিছিল। ইয়াৰ লগতে এছিয়ান গেমচ, চাফ গেমচ আৰু কমলৱেথ গেমচটো খেলাৰ যোগ্যতা অৰ্জন কৰিছিল।

হিন্দুস্থান সমাচাৰ/ৰমেন/মনোজ


 rajesh pande