অসমীয়া চুটি ছবি "ছোৱালী মই" মুক্তি লাভ
–জাগীৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগৰ ছাত্ৰ ছাত্ৰীয়ে কৰিছে অভিনয় গোলাঘাট, ২০ ছেপ্টেম্বৰ (হি.স.): নাৰী দ
অসমীয়া চুটি ছবি “ছোৱালী মই” মুক্তি লাভ 


–জাগীৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগৰ ছাত্ৰ ছাত্ৰীয়ে কৰিছে অভিনয়

গোলাঘাট, ২০ ছেপ্টেম্বৰ (হি.স.): নাৰী দুৰ্বল নহয়, নাৰী কাৰো ব্যৱহাৰ পাত্ৰ নহয়, নাৰীক ব্যৱহাৰ কৰা হয় নেকি ? নাৰী শক্তিক মুলমন্ত্ৰ হিচাপে লৈ প্ৰেম-বিশ্বাস, বিচ্ছেদ আৰু এক্সনৰে ভৰপূৰ এখন অসমীয়া চুটি ছবি ছোৱালী মই আজি শুভ মুক্তি দিয়া হয়।আবেলি অৰ্ফিচিয়েল প্ৰডাকচনৰ বেনাৰত আৰু যুৱ নাট্যকৰ্মী ভাস্কৰজ্যোতি গগৈৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনাৰে জাগীৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগৰ শিক্ষাৰ্থী আৰু গোলাঘাটৰ কিছুসংখ্যক উদ্যমী কলা-কুশলীৰ প্ৰচেষ্টাত মুক্তি লাভ কৰিলে চুটি ছবি ছোৱালী মই।

গোলাঘাট জিলাৰ বিভিন্ন মনোমোহা অঞ্চলত দৃশ্য গ্ৰহণ কৰা এই ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী শৰ্মিষ্ঠা দাস, ভাস্কৰজ্যোতি, অনুৰাগ অমৃত, বিকি বাইলুং, জুবলি হাজৰিকা আৰু বহুতে। ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম নিতু শইকীয়াৰ, সম্পাদনা কৰিছে অনন্ত দলে। ছবিখনক লৈ আশাবাদী ছবিখনৰ পৰিচালকৰ লগতে সমূহ শিল্পী বৃন্দ ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande