বিগ বছ অ টি টিৰ প্ৰথম ছিজনৰ বিজয়ী দিব্যা আগৰৱাল
মুম্বাই, ১৯ ছেপ্তেম্বৰ(হি.স.)। মডেল তথা টি ভি অভিনেত্ৰী দিব্যা আগৰৱালে বিগ বছ অ'টিটিৰ প্ৰথম ছিজনত সৰ
Divya Agarwal


মুম্বাই, ১৯ ছেপ্তেম্বৰ(হি.স.)। মডেল তথা টি ভি অভিনেত্ৰী দিব্যা আগৰৱালে বিগ বছ অ'টিটিৰ প্ৰথম ছিজনত সৰ্বাধিক সংখ্যক ভোট লাভ কৰি ট্ৰফী জিকিবলৈ সক্ষম হৈছে। দিব্যা আগৰৱালে ট্ৰফীৰ লগতে পুৰস্কাৰ হিচাপে ২৫ লাখ টকা লাভ কৰিছে। কোৰিঅ'গ্ৰাফাৰ নিশান্ত ভট্টই দিব্যাৰ সৈতে শীৰ্ষ ২ ত স্থান লাভ কৰিছিল। ফাইনেলখন কৰণ জোহৰে হোষ্ট কৰিছিল।

ইফালে শিল্পা ছেট্টীৰ ভগ্নী শমিতা ছেট্টী, ৰাকেশ বাপত আৰু প্ৰতীক সহজপালে শ্বোটোত সুন্দৰ প্ৰদৰ্শনেৰে শীৰ্ষ ৫ ত স্থান লাভ কৰে। কৰণ জোহৰে অনুষ্ঠানটোৰ সকলো শীৰ্ষ ৫ জন প্ৰতিযোগীক এটা সুযোগ প্ৰদান কৰি ধনেৰে ভৰ্তি এটা চুটকেচ আগবঢ়াইছিল। যিয়ে এই চুটকেচ লব তেওঁ ধনৰ লগতে পোনে পোনে আৰম্ভ হবলগীয়া বিগ বছ ১৫ ৰ অংশ হোৱাৰ সুযোগ পাব। এই সুযোগৰ সতব্যৱহাৰ কৰি প্ৰতীক সহজপালে লগে লগে চুটকেচটো লৈ অনুষ্ঠানটো এৰি দিছিল। ইফালে কম ভোটৰ বাবে শমিতা আৰু ৰাকেশে শীৰ্ষ ২ ত উপনীত হ'ব নোৱাৰিলে।

হিন্দুস্থান সমাচাৰ/আলোক/ অৰৱিন্দ


 rajesh pande