আগমনীত নকল সোণ বিক্ৰী কৰি আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী
আগমনীত নকল সোণ বিক্ৰী কৰি আগমনী আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী।
আগমনীত নকল সোণ বিক্ৰী কৰি আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী


ধুবুৰী, ২৪ মে’ (হি.স.): ধুবুৰী জিলাৰ আগমনীত নকল সোণ বিক্ৰী কৰি আৰক্ষীৰ জালত পৰিছে দুই সৰবৰাহকাৰী। আগমনী থানাৰ অন্তৰ্গত সিন্দুৰাই দ্বিতীয় খণ্ডৰ আব্দুল ছালাম আলী আৰু বেলগুৰিৰ আনোয়াৰ হুছেইন লগতে সোণ মাফিয়াৰ বৃহৎ এটি দলে বহু দিনৰ পৰা নকল সোণৰ ৰমৰমীয়া বেহা চলাই থকাৰ অভিযোগ উঠি আহিছে । আজিৰ পৰা প্ৰায় এমাহ মান আগতে নকল সোণ মাফিয়াৰ দলটোৱে ঝাৰখণ্ডৰ মানুহ এজনক ফোন যোগে মাতি আনে আৰু নকল সোণ বিক্ৰী কৰা বুলি জানিবলৈ দিয়ে । বহি ৰাজ্যৰ ব্যক্তি জনৰ পৰা নগত চাৰি লাখ টকা লৈ নকল সোণ দিয়াৰ অভিযোগ উত্থাপিত হৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি, ঝাৰখণ্ডৰ মানুহ জনে নকল সোণ মাফিয়াৰ বৃহৎ গেংটোৰ বিৰুদ্ধে আগমনী থানাত এখন এজাহাৰ দাখিল কৰিছে।এজাহাৰৰ ভিত্তিত যোৱাকালি আগমনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভূপেন্দ্ৰ ৰাৱাৰ্ডৰ নেতৃত্বত অভিযান চলাই খেদি খেদি দুজনকৈ নকল সোণ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে সোণ মাফিয়া দুজন ক্ৰমে সিন্দুৰাই দ্বিতীয় খণ্ডৰ আব্দুল ছালাম আলী আৰু বেলগুৰিৰ আনোয়াৰ হুছেইনক আজি জেল হাজোতলৈ প্ৰেৰণ কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande