
কোকৰাঝাৰ, ২৪ মে’ (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত যোৱা কালি শনিবাৰে সন্ধিয়া বৰদৈচিলাৰ তাণ্ডৱ চলে । বৰদৈচিলাৰ তাণ্ডৱত বগৰীবাৰী ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল প্ৰকাণ্ড গছ ।
ভীষণ ধুমুহাৰ ফলত ৰাজপথত গছ বাগৰি পৰাত ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা । প্ৰায় এক ঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰাত ব্য়াপক যান যঁটৰ সৃষ্টি হয় । পিছত বগৰীবাৰী আৰক্ষীয়ে গছ কাটি ঘাইপথ সুচল কৰা কাম অব্যাহত ৰাখে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ