
নগাঁও, ২৪ মে’ (হি.স.): নগাঁও জিলাৰ চামগুৰিত যোৱা কালি শনিবাৰে সন্ধিয়া সংঘটিত হয় এক পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত আহত হয় দুজন মটৰ চাইকেল আৰোহী । চামগুৰিৰ ৰঙাগড়াত সংঘটিত হয় এই পথ দুৰ্ঘটনা ।
জানিব পৰামতে, একে দিশে গৈ থকা দুই আৰোহী থকা মটৰ চাইকেল আৰু ব্যক্তিগত বাহনৰ মাজত সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা হয়। দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনৰ পঞ্জীয়ন নম্বৰ ক্ৰমে এএছ ১২ আৰ ২৭২৪ আৰু এএছ ০২ একে ৪৯৪৮ বুলি জনা গৈছে । দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হয় চামগুৰিৰ বাঘবৰালী গাঁৱৰ চৰিফুল ৰহমান আৰু নাজীৰ হুছেইন নামৰ লোকদুজন । আহত দুয়োগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । অন্যহাতে ব্যক্তিগত বাহন খনৰ দুজন লোক সামান্য আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ