চামগুৰিত উদ্ধাৰ এডাল প্ৰকাণ্ড অজগৰ
চামগুৰিত উদ্ধাৰ এডাল প্ৰকাণ্ড অজগৰ।
চামগুৰিত উদ্ধাৰ এডাল প্ৰকাণ্ড অজগৰ


নগাঁও, ২৪ মে’ (হি.স.): নগাঁও জিলাৰ চামগুৰিত যোৱা কালি শনিবাৰে সন্ধিয়া উদ্ধাৰ কৰা হয় এডাল প্ৰকাণ্ড অজগৰ । চামগুৰিৰ শিয়ালেখাইটিত উদ্ধাৰ হয় এডাল প্ৰকাণ্ড অজগৰ সাপ ।

শিয়ালেখাইটিৰ কৃষিভূমিত প্ৰথমে প্ৰতক্ষ কৰে সাপডাল । সাপডালৰ দৈৰ্ঘ্য প্ৰায় ১৩ ফুট । সাপডাল উদ্ধাৰ হোৱাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । স্থানীয় ৰাইজে প্ৰথমে সাপডাল প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে । শালনা আঞ্চলিক বন বিভাগৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ সাপডাল উদ্ধাৰ কৰে । বন বিভাগে সাপডালক সুৰক্ষিত স্থানত মুকলি কৰি দিব বুলি জানিব দিয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande