পৰ্বতঝোৰা খোৰাঘাট বজাৰত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক তিনি যুৱক
পৰ্বতঝোৰা খোৰাঘাট বজাৰত ড্ৰাগছ বিৰোধী অভিযান।
পৰ্বতঝোৰা খোৰাঘাট বজাৰত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক তিনি যুৱক


কোকৰাঝাৰ, ২৪ মে’ (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা খোৰাঘাট বজাৰত যোৱা কালি শনিবাৰে সন্ধিয়া আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলায় । নিৰ্দিষ্ট তথ্য়ৰ ভিত্তিত বগৰিবাৰী আৰক্ষীয়ে চলোৱা এই অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক হয় তিনিজন যুৱক ।

আটক হোৱা যুৱক তিনিজন ক্ৰমে মিৰ্জু শেখ, ৰমজান আলী আৰু মজিবৰ ৰহমান বুলি পৰিচয় পোৱা গৈছে । যুৱক তিনিজনৰ পৰা মুঠ ২০টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰা হৈছে । জব্দকৃত ড্ৰাগছ খিনিৰ ওজন প্ৰায় ২৬:০৪ গ্ৰাম বুলি কোৱা হৈছে । মিৰ্জু শেখ নামৰ যুৱক জনে খোৰাঘাট বজাৰত এখন ব্রয়লাইৰ মাংস দোকান দি চলাই গৈছিল ড্ৰাগছৰ বেহা । আৰক্ষীয়ে যুৱক তিনিজনক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande