
লখিমপুৰ, ২৪ মে’ (হি.স.): মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ সৃষ্টিৰাজিক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰা, গুৰুজনাৰ আদৰ্শ নৱপ্ৰজন্মৰ মাজত তুলি ধৰাৰ মানসেৰে জন্মস্থান লেটেকুপুখুৰী আৰু ৰঙাজান উজীৰৰ টোলক একত্ৰিত কৰি যোৱা কালি শনিবাৰে সন্ধিয়া গঠন কৰা হয় জন্মক্ষেত্ৰ উন্নয়ন সমিতি । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আশ্বাসৰ পিছতে বিধায়ক ভূপেন কুমাৰ বৰাৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই সভাখনত সভাপতিত্ব কৰে সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে ।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াৰ লগতে দুয়োখন থানৰ বিষয় ববীয়া আৰু বৰ নাৰায়ণপুৰৰ বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত প্ৰথম পৰ্যায়ত ৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব লগা জন্মক্ষেত্ৰ খনিৰ এটি ৰূপৰেখা প্ৰস্তুত কৰি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সভাত বিধায়ক ভূপেন কুমাৰ বৰাক সভাপতি আৰু বীৰেন ভাগৱতীক সম্পাদক হিচাপে লৈ ২৫ জনীয়া এখনি জন্মক্ষেত্ৰ উন্নয়ণ সমিতি গঠন কৰা হয় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ