দক্ষিণ কামৰূপৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ মিৰ্জাত কাপোৰৰ দোকানৰ আঁৰত গাঞ্জাৰ ৰমৰমীয়া বেহা
উঠি অহা যুৱ প্ৰজন্মক টাৰ্গেট কৰি চলাই ড্ৰাগছ,গাঞ্জাৰ ৰমৰমীয়া বেহাৰ।
দক্ষিণ কামৰূপৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ মিৰ্জাত কাপোৰৰ দোকানৰ আঁৰত গাঞ্জাৰ ৰমৰমীয়া বেহা


কামৰূপ, ২৪ মে’ (হি.স.): দক্ষিণ কামৰূপৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ মিৰ্জাত বৃদ্ধি পাইছে মাৰাত্মক নিচাযুক্ত সামগ্ৰীৰ ৰমৰমীয়া বেহা । মিৰ্জাৰ চকত থকা ৰাজদ্বীপ ক্লথ এণ্ড শ্বু ষ্টোৰৰ পৰা যোৱা কালি শনিবাৰে সন্ধিয়া জব্দ হয় গাঞ্জা।

প্ৰাপ্ত তথ্য়মতে এগৰাকী মহিলাৰ নিজ পুত্ৰৰ ওপৰত সন্দেহ উপজাত মহিলা গৰাকীয়ে পিছ লৈছিল পুত্ৰৰ । মাকৰ পৰা ৫০ টকা খুজি লৈ আহি ৰাজদ্বীপ ক্লথ এণ্ড শ্বু ষ্টোৰৰ মালিক শংকৰ কলিতাৰ পৰা গাঞ্জা ক্ৰয় কৰিছিল পুত্ৰই । লগে লগে মহিলা গৰাকী পুত্ৰক গবা মাৰি ধৰাত গাঞ্জা ক্ৰয় কৰাৰ কথা উল্লেখ কৰে পুত্ৰই । পিছত মহিলা গৰাকীয়ে আন কেইবাগৰাকীও মহিলাক লগত লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে অবৈধ গাঞ্জাৰ বেপাৰ কৰা শংকৰ কলিতাৰ দোকানৰ সন্মুখত । অৱশেষত ঘটনাস্থলীত উপস্থিত হয় পলাশবাৰী আৰক্ষী । গাঞ্জা বিচাৰি প্ৰায় এঘন্টাযোৰা অভিযান চলাই আৰক্ষীয়ে পিছত দোকানখনৰ পৰা জব্দ হয় গাঞ্জা । ইয়াৰ পিছতে আৰক্ষীয়ে আটক কৰি লৈ যায় শংকৰ কলিতাক।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande