
লখিমপুৰ, ২৪ মে’ (হি.স.): মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ দুজনা গুৰুৰ আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক আদৰ্শক প্ৰতিষ্ঠা কৰাত যি কেইগৰাকী আতাপুৰুষে অহোপুৰুষাৰ্থ কৰিছিল তেওঁলোকৰ ভিতৰত অন্যতম শ্ৰী শ্ৰী বদলা পদ্ম আতা পুৰুষ। অহা ২৬, ২৭ আৰু ২৮ মে' তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বদলা পদ্ম আতাৰ ৪৮০ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হৈছে ।
বদলা পদ্ম আতা সেৱা সমিতি অসমৰ উদ্যোগত, শ্ৰী শ্ৰী বদলা সত্ৰ, শক্ৰাহী সত্ৰ, ফুলনি থান আৰু মাধৱদেৱ কলাক্ষেত্ৰৰ সহযোগত বৰ নাৰায়ণপুৰ বাসীৰ আতিথ্যত অনুষ্ঠিত হ' লগা এই অনুষ্ঠানৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে আয়োজক সমিতিয়ে। সমান্তৰালকৈ মহিলা আই সকলে ভকত বৈষ্ণৱক আপ্যায়ন কৰিবৰ বাবে সামূহিক ভাৱে প্ৰস্তুত কৰিছে পকা মিঠৈ। হৰি নাম গাই মিঠৈ প্ৰস্তুত কৰি ভকতক সেৱা কৰিবলৈ সাজু হৈ পৰিছে মহিলাসকল ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ