খাৰুপেটীয়াত শিক্ষানুষ্ঠাত জুবিনক শ্ৰদ্ধাঞ্জলি
খাৰুপেটীয়াত শিক্ষানুষ্ঠাত জুবিনক শ্ৰদ্ধাঞ্জলি ।
খাৰুপেটীয়াত শিক্ষানুষ্ঠাত জুবিনক শ্ৰদ্ধাঞ্জলি


দৰং, ০২ নৱেম্বৰ (হি.স.): দৰং জিলাৰ খাৰুপেটীয়া আজমল চিনিয়ৰ চেকেণ্ডেৰী স্কুলত অনুষ্ঠিত অভিভাৱক-শিক্ষক সমন্বয় সভাত শৈক্ষিক হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। যোৱা কালি শনিবাৰে বিয়লি বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সমন্বয় সভাখনত আগন্তুক মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চুড়ান্ত পৰীক্ষাৰ বাবে ল'বলগীয়া প্ৰস্তুতিৰ ক্ষেত্ৰত অভিভাৱক শিক্ষকৰ ভুমিকা আৰু ছাত্ৰ ছাত্ৰীৰ কৰণীয় দায়িত্ব পালনৰ ওপৰত আলোকপাত কৰা হয়।

ইফালে এই সভাতেই প্ৰজেক্টৰৰ জৰিয়তে অপাৰেশ্যনৰ সিন্দুৰ যুদ্ধত পাকিস্তানক উচিত শিক্ষা দিয়া কৰ্ণেল ছুফিয়া, মহিলা বিশ্বকাপৰ খেলত ১২৭ ৰাণৰ ইনিংছ, হিয়াৰ আমঠু জুবিন গাৰ্গ আদিৰ আদৰ্শ কৃতকাৰ্যতাৰ ওপৰত আলোকপাত কৰি বক্তব্য প্ৰদান কৰে ।সভাত দুই শতাধিক অভিভাৱক শিক্ষকৰ উপস্হিতিত জুবিনৰ মায়াবিনী গীত পৰিৱেশন কৰা হয় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande