
কামৰূপ, ০২ নৱেম্বৰ (হি.স.): কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই ৰঙিয়াৰ ডিলাইট চিনেমা হলৰ তিনিটাকৈ বিশেষ দৰ্শনীৰ বাবে বুকিং কৰিছে সকলো টিকট। আজি ৰাতিপুৱাই ৰঙিয়াৰ ডিলাইট চিনেমা হ'লত বিধায়ক দিগন্ত কলিতা সহ অনুৰাগীৰ ভিৰ দেখা যায়। প্ৰথমেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত ছবি গৃহত প্ৰবেশ কৰে বিধায়ক দিগন্ত কলিতা আৰু তেওঁৰ নিজৰ সমষ্টি কমলপুৰৰ একাংশ জুবিন অনুৰাগীয়ে।
আনহাতে ৰঙিয়াৰ ডিলাইট চিনেমা হ'লত আগন্তুক এসপ্তাহলৈ কোনো এটা দৰ্শনীতে এটাও টিকট পাবলৈ নাই বুলি জনায় হ'ল কৰ্তৃপক্ষই।
উল্লেখ্য যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম খন ছবি হৈছে ৰৈ ৰৈ বিনালে। এই ছবিখন যোৱা ৩১ অক্টোবৰ তাৰিখে মুক্তি লাভ কৰে। ইপিনে মুক্তি লাভ কৰাৰ দিন ধৰি ছবি খন চাবলৈ বিল দল ভাঙি ওলাই আহিছে ৰাইজ সকল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ